মোৰাঝাৰত‌ কিশোৰীক বলাৎকাৰ, থানাত এজাহাৰ,পলাতক অভিযুক্ত…

মোৰাঝাৰত‌ কিশোৰীক বলাৎকাৰ, থানাত এজাহাৰ,পলাতক অভিযুক্ত…

ডিজিটেল সংবাদ মোৰাঝাৰ : হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অধীনস্থ কৰৈয়নী গাঁৱত সংঘটিত হোৱা কিশোৰী বলাৎকাৰৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ঘটনাৰ বিৱৰণী মতে, যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে ৰাতি ৭ মান বজাত কৰৈয়নী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক মোৰাঝাৰ থানাৰ অন্তৰ্গত তাৰাপুৰ গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ নাইছ উদ্দিন নামৰ যুৱক জনে বিবাহৰ প্ৰলোভন দি ঘৰৰ পৰা পলোৱাই লৈ গৈছিল।

কিশোৰী গৰাকীৰ ভাষ্য মতে নিশা যুৱক জনে বলাৎকাৰ কৰে। পিছদিনা কিশোৰী গৰাকীৰ পিতৃ গৃহৰ ওচৰত এখন খেতি পথাৰৰ মাজত নাবালিকা গৰাকীক এৰি থৈ পলায়ন কৰে লম্পট যুৱক জনে। পিছে একাংশ দালাল চক্ৰই এই জঘন্য ঘটনাক ঘাপ দিয়াৰ বাবে বিভিন্ন কলা-কৌশল অৱলম্বন কৰিছিল যদিও দালাল কেইটাৰ সকলো ষড়যন্ত্ৰ নেওচি কিশোৰী গৰাকীৰ পিতৃয়ে ২৫ ফেব্ৰুৱাৰীত মোৰাঝাৰ থানাত এই জঘন্য বলাৎকাৰৰ ঘটনা সন্দৰ্ভত এজহাৰ দাখিল কৰিছে ।

মোৰাঝাৰ আৰক্ষীয়ে কিশোৰী গৰাকীৰ পিতৃয়ে দিয়া ১০০/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।মোৰাঝাৰ অঞ্চলৰ বিভিন্ন দল সংগঠনে উক্ত ঘটনাৰ লগত জড়িত লম্পট যুৱক জনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in