মৰাণত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০ সংগঠনৰ সংকল্প যাত্ৰা

মৰাণত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০ সংগঠনৰ সংকল্প যাত্ৰা

ডিজিটেল সংবাদ, মৰাণঃ "সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ" ধ্বনিৰে মৰাণৰ আকাশ-বতাহ কঁপালে ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে। "অসমত বিদেশীক সংস্থাপন দিবলৈ দিয়া নহ'ব", "অসমত বিদেশীৰ দাদাগিৰী নচলিব", "বিজেপি মুৰ্দাবাদ" আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানৰে সোমবাৰে উত্তাল হৈ পৰে মৰাণৰ পৰিৱেশ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক আইনত পৰিণত কৰা তথা অসমত অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন কৰিবলৈ চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ১১ নৱেম্বৰৰ পৰা অসমৰ ৭০টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ ঐক্যমঞ্চই ৰাজ্যৰ চাৰিওফালৰ পৰা গুৱাহাটীলৈকে বাহিৰ কৰিছে এক সংকল্প যাত্ৰা।

অখিল গগৈৰ নেতৃত্বত শদিয়াৰ পৰা আৰম্ভ কৰা প্ৰায় ৫শতাধিক বাইক ৰেলীটো সোমবাৰে দুপৰীয়া ১২ বজাত মৰাণত উপস্থিত হয়। মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিতে থকা মৰাণ গড়কাপ্টানী পৰিদৰ্শন ভৱনত এক পথ সভা আয়োজন কৰে দলটোৱে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খলনায়ক আখ্যা দি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে জনতাৰ সোঁতৰ বিপৰীতে গ'লে অনাগত দিনত যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ সকীয়াই দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in