/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/gagagagaga-assam-police-gagnggagga-for-web-AP-full-no-ad-copy.jpg)
ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে তিনি কুখ্যাত গাড়ী চোৰক আটক কৰিছে। যোৱা ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ লালমাটিৰ পৰা এএছ ০১ জে চি ৭৭৯৭ নম্বৰৰ এল্ট' ৮০০ গাড়ী এখন ৫০০০ টকা ভাড়াত বন্দবস্ত কৰি মোৰাঝাৰৰ চৌধুৰী বজাৰলৈ লৈ আহে।কিন্তু আদবাটত চক্ৰটোৱে গাড়ীচালক সুৰেন্দ্ৰ মোহন দাসক নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি বাটত পেলাই থৈ গাড়ীখন লৈ পলাই যায়।
চালক সুৰেন্দ্ৰ মোহন দাসক যোৱা ১ অক্টোবৰৰ নিশা গনিপুৰ বজাৰৰ পৰা মোৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰক্ষীয়ে গাড়ী চালকজনক উদ্ধাৰ কৰি ঘটনা সংক্ৰান্তত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। মোৰাজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিৰ সিং লিম্ভুৰ তৎপৰতাত গোপন সূত্ৰৰ ভিত্তিত চৌধুৰী বজাৰৰ পৰা ২ অক্টোবৰৰ নিশা আব্দুল লতিফ আৰু আব্দুল কালাম নামৰ দুটা কুখ্যাত চোৰক আটক কৰে।
আৰক্ষীৰ তদন্তত গাড়ী চোৰ আব্দুল লতিফ আৰু আব্দুল কালামে চুৰি গাড়ীখন যমুনামুখৰ ৰহমত আলীৰ ওচৰত বিক্ৰী কৰা বুলি জানিব পাৰে মোৰাঝাৰ আৰক্ষীয়ে৷ দুয়ো চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত যমুনামুখৰ পৰা ৰহমত আলী নামৰ লোক এজনক আটক কৰাৰ লগতে যমুনামুখৰ পৰা চুৰি গাড়ীখনো উদ্ধাৰ কৰিছে মোৰাঝাৰ আৰক্ষীয়ে। উল্লেখ্য যে, গাড়ী চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড আব্দুল লতিফৰ ওপৰত ৬টাকৈ গাড়ী চুৰিৰ গোচৰ ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়ন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।