ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত চাৰিংপথাৰ গাঁৱৰ জিয়া উদ্দিনৰ ঘৰত শনিবাৰে নিশা ১১ মান বজাত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। উক্ত ঘটনা সংক্ৰান্তত জিয়া উদ্দিনৰ পত্নীয়ে দেওবাৰে মোৰাঝাৰ আৰক্ষী থানাত এজহাৰ দাখিল কৰিছে, এজহাৰত উল্লেখ কৰা মতে, শনিবাৰে ৰাতি ১১ মান বজাত জিয়া উদ্দিনৰ ঘৰত ৬ জনীয়া এটা ডকাইতৰ দলে ঘৰৰ সন্মুখৰ দুৱাৰ খুলি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।
ডকাইতৰ দলটোৱে জিয়া উদ্দিন আৰু তেওঁৰ পত্নীৰ হাত-ভৰি বান্ধি, মাৰপিট কৰি নগদ ৮৫০০ টকা, লেপটপ আৰু সোণৰ চেইন লুট-পাট কৰি লৈ যোৱা বুলি এজহাৰত উল্লেখ কৰিছে। পৰিয়ালৰ লোকৰ চিঞৰ বাখৰ শুনি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হয়। উক্ত ঘটনাৰ লগত জড়িত পাঁচজন যুৱকক চিনাক্ত কৰি এজহাৰ দাখিল কৰিছে জিয়া উদ্দিনৰ পত্নীয়ে। ঘটনা সংক্ৰান্তত মোৰাঝাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনা লগত জড়িত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে।