স্বৰ্গদেউক কিয় এনে কৰিছে…

স্বৰ্গদেউক কিয় এনে কৰিছে…

author-image
asomiyapratidin
New Update
স্বৰ্গদেউক কিয় এনে কৰিছে…

নাজিৰাৰ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিকলৈ ৰাজ্যজুৰি তীব্ৰ চৰ্চা । কিন্তু প্ৰতিমূৰ্তিটোৰ কোনো দিশৰ পৰাই মংগোলীয় লোকৰ মুখায়বৰ মিল নাই । এই সন্দৰ্ভত তুলিকা চেতিয়া য়েইন 'মোৰ মত'

Advertisment

সদৌ টাই আহোম ছাত্ৰ সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে, নাজিৰাত অসমৰ পিতৃপুৰুষ চাওলুং চ্যুকাফাৰ এক বৃহৎ প্ৰতিমূৰ্তি আপোনালোকৰ উদ্যোগত নিৰ্মাণ হল। এইয়া সচাঁকৈয়েই প্ৰশংসাৰ যোগ্য আৰু আমি আপোনালোকৰ শলাগ লৈছোঁ।প্ৰতিমূৰ্তি ভাগ ৭৬ ফুট ওখ।

উচ্চ মানদণ্ডৰ ধাতুৰে নিৰ্মিত এনে প্ৰতিমূৰ্তি সমগ্ৰ অসমতেই নাই। নি:সন্দেহে এনে কাম কেৱল টাই আহোম জনগোষ্ঠীৰ বাবেই নহয়, বৃহত্তৰ অসমীয়া জাতিৰ বাবে এক উচ্চ প্ৰশংসনীয় কাৰ্য্য। আটাছুৰ বাবেই মাথোঁ নহয়, ই সকলোৰে আত্মসন্মানৰ এক মাইলৰ খুঁটি। একমুখে আমি স্বীকাৰ কৰোঁ যে এইয়া তেওঁলোকৰ অপৰিসীম কষ্ট আৰু সাধনাৰ বাবেহে সম্ভৱ হল।

বহু বছৰ অপেক্ষাৰ শেষত ২৬ ফেব্ৰুৱাৰীৰ দিনা অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰাৰ পাছত মোৰ দৰে হেজাৰ অসম প্ৰেমী জনতাৰ চকু কপালত উঠিছে।
এইয়া কোনো কাৰনতেই অসমীয়া জাতিৰ জনক মহান চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি হব নোৱাৰে। প্ৰতিমূৰ্তি ভাগ, কোনো দিশৰ পৰাই মংগোলীয় লোকৰ মুখায়বৰ সতে মিল নাই।

কোনো শাস্ত্ৰত বৰ্ননা কৰা, দস্যু – দানৱৰ আকৃতিৰ মুখাৱয়ব, ক্ৰুৰতা আৰু ঈৰ্ষা ভৰা দুচকুৰ অতি দানৱৰ দৰে এই প্ৰতিমূৰ্তি দেখা পাই আমি বিষাদৰ সাগৰত ডুব গৈছোঁ। তেওঁৰ হাত আৰু ভৰিৰ অংগৰ আনুপাতিক মিল নাই।

এইয়া মাথোঁ আহোম জাতিৰ অপমান নহয়, অসম আৰু অসমীয়া জাতিৰ অপমান। সেয়ে আপোনালোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, প্ৰতিমূৰ্তি ভাগ গৱেষণা ভিত্তিক অধ্যয়ন কৰি পুনৰ নিৰ্মাণ কৰক, অন্যথা ডাম আৰু ফী সকলৰ অভিশাপত আপোনালোক কপিঁ উঠিব।