/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/WhatsApp-Image-2022-06-30-at-11.33.30-AM.jpeg)
আহাৰৰ ভৰণ পথাৰ। খেতিয়কৰ নাঙলৰ সীৰুল ফালি চহাইছে উৰ্বৰা ভূমি।মুৰত জাপি, কাণ্ডত নাঙল-যুৱলি, হাতত হালুৱা এছাৰি আৰু বলদ হালক লৈ পথাৰত পুৱাতে উপস্থিত হৈছে কৃষক। কৃষি আৰু কৃষকক লৈ ৰয়েল পেগুৰ "মোৰ মত"
আহাৰৰ ভৰণ পথাৰ। খেতিয়কৰ নাঙলৰ সীৰুল ফালি চহাইছে উৰ্বৰা ভূমি। জীপাল ভৰণ পথাৰত খেতিয়কৰ আশা-সপোনবোৰ ক্ৰমে সাকাৰ হৈ উঠিছে। চৌদিশে নেৰানেপেৰা বৰষুণ। প্ৰতিকূল বতৰকো নেওচি ধলপুৱাতে উঠি পথাৰলৈ ঢাপলি মেলিছে কৃষক। মুৰত জাপি, কাণ্ডত নাঙল-যুৱলি, হাতত হালুৱা এছাৰি আৰু বলদ হালক লৈ পথাৰত পুৱাতে উপস্থিত হৈছে কৃষক।
বৰষুণ সিক্ত আহাৰৰ পথাৰত খেতিয়কে বাইছে হাল। চহাইছে উৰ্বৰা ধৰিত্ৰী। নাঙলৰ সীৰুল, মৈৰ হেঁচাত পৰি ওলাইছে চেং, কাৱৈ, গৰৈ, কুচিয়া ইত্যাদি। ভূঁই ৰুইছে গাঁৱৰ বোৱাৰী-গাভৰু। বছৰটোলৈ জোৰাকৈ অন্নৰ যোগাৰৰ অপাৰ আশাৰে। কৃষি কৰ্মই খেতিয়কৰ জীৱনৰ ভাৰসা। আহাৰ মাহ মানে কৃষি প্ৰধান অসমৰ শালি ধানৰ খেতিৰ বতৰ। অসমীয়াৰ চহা জীৱনৰ জীপাল পথাৰত সেউজীয়া সোণোৱালী সপোন ৰচাৰ বতৰ। কৃষকৰ বাবে এই বতৰৰ আশা-অনুভৱ আৰু আমেজেই সুকীয়া।
কৃষি-গ্ৰাম্য প্ৰধান অসমত আজিও খেতিয়েই গ্ৰাম্য অৰ্থনীতিৰ মূল আধাৰ। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰায় ৮৯ শতাংশ লোক গ্ৰাম্য অঞ্চলত বাস কৰে। ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। আনহাতে ৰাজ্যখনৰ প্ৰায় ৬৯ শতাংশ কৰ্মশক্তি প্ৰকৃততে কৃষি কাৰ্যকলাপত নিয়োজিত।
অসমৰ ভৌগোলিক এলেকা ৭৮.৪৪ লাখ হেক্টৰৰ ভিতৰত মুঠ কৃষি উপযোগী ভূমি ৩০.১৬ লাখ হেক্টৰ আৰু ইয়াৰে মাত্ৰ ৫.৪ শতাংশ এলেকা জলসিঞ্চনৰ সুবিধা। পৰম্পৰাগত কৃষিচৰ্যাৰে বহু কৃষক পৰিয়ালে জীৱননিৰ্বাহ কৰি আহিছে। কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিয়াৰ লগতে দেশৰ জনতাক যোগান ধৰিছে এমুঠি অন্নৰ। এনেদৰে যুগে যুগে অসমৰ কেঁচা মাটিৰ লগত সংপৃক্ত হৈ জীৱন নিৰ্বাহ কৰি আহিছে খেতিয়কৰ চহা জীৱন।
অসমত বান-খহনীয়াত প্ৰতি বছৰে কৃষি উপযোগী উৰ্বৰা ভূমি সংকুচিত হৈ আহিছে। ইপিনে ভূমিহীন কৃষক পৰিয়ালৰ শ শ যুৱক সংস্থাপনৰ সন্ধানত বহি:ৰাজ্যলৈ গমন কৰিবলগা হৈছে। তদুপৰি কৃষি ভূমি তথা সংস্থাপনৰ অভাৱত উদ্বাস্ত্ত বহু অসমীয়া যুৱকে বিভিন্ন পথ-দলং আৰু অন্যান্য নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে নিয়োজিত হ'বলৈ বাধ্য হয়।
কৃষি কৰ্মই অতীজৰে পৰা অসমীয়া সংস্কৃতি আৰু অৰ্থনীতিক সমৃদ্ধ কৰি আহিছে। কিন্তু পৰিবৰ্তিত পৰিস্থিতিত অসমীয়া যুৱক-যুৱতীৰ বহি:ৰাজ্য গমন আৰু শ্ৰমিক হিচাপে নিয়োজিত হোৱা বৰ্ধিত কাৰ্যই কৃষিজীৱী এচাম অসমীয়াক অগোচৰে শ্ৰমিক শ্ৰেণীলৈ পৰিবৰ্তন কৰিছে। ই ভৱিষ্যতে অসমীয়া সংস্কৃতি আৰু অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
ইপিনে অসমৰ কৃষকসকল আজি শোষিত-বঞ্চিত। শোষিত কৃষকৰ মুক্তিৰ সপোন আজি সুদূৰ-পৰাহত। গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ গঢ়োতা, দেশৰ জনতাক এমুঠি অন্নৰ যোগাৰ ধৰোতা কৃষকসকলৰ অৱস্থা দিনে দিনে শোচনীয় হৈ পৰিছে। বিশেষকৈ উৎপাদিত ধানৰ উচিত মূল্য আজিও কৃষক ৰাইজে পোৱা নাই। অন্নদাতা কৃষকসকলক চৰকাৰে প্ৰয়োজনীয় সা-সুবিধা দিলে, উৎপাদিত শস্যৰ উচিত মূল্য প্ৰদান কৰিলে নিশ্চয় ধান শস্যৰ উৎপাদন বৃদ্ধি পাব, কৃষসকলৰ জীৱন সলনি হ'ব।
আজিও অসমত কৃষি খণ্ডলৈ সম্পূৰ্ণভাৱে আধুনিক বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ প্ৰযোগ হোৱা নাই। বান-খহনীয়াৰ ফলত প্ৰতি বছৰে কৃষি ভূমি সংকুচিত হৈ আহিছে। বৰ্ধিত জনসংখ্যাৰ বিপৰীতে সীমিত কৃষি ভূমিত কৃষকসকলেও উন্নত বীজ, আধুনিক বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ সহায় ল'ব লাগিব। তেতিয়াহে বৃদ্ধি পাব উৎপাদন, সলনি হ'ব কৃষকৰ জীৱন।