কলগাছিয়াৰ কালামপুৰ চৰত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, ৫জন সন্ধানহীন

কলগাছিয়াৰ কালামপুৰ চৰত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, ৫জন সন্ধানহীন


ডিজিটেল সংবাদ, মইনবড়ি: ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদৰ নামাজৰ দিনা বৰপেটা জিলাৰ কলগাছিয়াৰ সমীপৱৰ্তী কালামপুৰত ভয়ংকৰ নাওঁ দুৰ্ঘটনা সংঘটিত হৈ পাঁচ গৰাকী কৈ লোক সন্ধানহীন হৈ থকা ঘটানাই অঞ্চলব্যাপী শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কালামপুৰ গাঁৱৰ ছামাদ আলী, ছায়েদ আলীয়ে ৰাতিপুৱা প্ৰমুখ্যে বেঁকী নদীৰ ভয়াৱহ খহনীয়াত গৃহহীন হোৱা তিনি পৰিয়ালৰ ১১ জন লোক ঈদৰ নামাজ আৰু কোৰবানী কৰিবলৈ কালামপুৰ চৰ লৈ গৈছিল। তাতেই নামাজ আৰু কোৰবানী সমাপন কৰি নিজ ঘৰলৈ উভতিবলৈ টুলুঙা নাওয়েৰে বেঁকী নদীৰ মাজেৰে যাত্ৰা কৰে। নদীৰ মাজ অংশত আহি পোৱা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়।

আবেলি ৪.৩০ বজাত হঠাৎ উঠি অহা প্ৰচণ্ড ঘূৰ্ণীবতাহ সদৃশ প্ৰচণ্ড ধুমুহাই একে কোৱতে মুহূৰ্তৰ ভিতৰত ১১ গৰাকী যাত্ৰী সহ নাও খন পানীৰ তলত ডুবাই দিয়ে। প্ৰাণৰ মমতাত গগণ ফালি চিঞৰিল উদ্ধাৰ কৰিবলৈ কোনেও আগবাঢ়ি যাব নোৱাৰিলে। ইয়াৰে ৬ গৰাকী পুৰুষ যাত্ৰী সাতুৰি গৈ কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ইয়াৰে দুজনক সংকট জনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰে।

বাকী পাঁচজন বিগত ২৪ ঘণ্টা ধৰি (আজিও) সন্ধানহীন হৈ আছে। ফলত অঞ্চলব্যাপী তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে। জানিব পৰা মতে-কালামপুৰ গাঁৱৰ ছামাদ আলী(৫০), ছায়েদ আলী (৪০) আৰু তাৰ দুই পুত্ৰ কন্যা ক্ৰমে ইক্রমূল হুছাইন(৯), ছানিয়াৰা খাতুন(৪), মহম্মদপুৰ গাঁৱৰ আব্দুল গণিৰ কন্যা নাৰগীজ চুলতনা (৭) বাতৰি যুগুত কৰা সময়লৈকে সিন্ধানহীন হৈ আছে।

ইফালে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাসে খবৰ পাই ততাতৈয়াকৈ সোমবাৰে আবেলিয়েই ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায় কিন্তু আন্ধাৰ আৰু বেয়া বতৰৰ বাবে ৰাতি ১০ বজাত অভিযান সমাপ্ত কৰে।আকৌ মঙলবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা অ. চি দাসৰ নেতৃত্বত এছ ডি আৰ এফ আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ৮ কিলোমিটাৰ ভাটিৰ বাঘবৰ লৈ সন্ধিয়া ৫ বজালৈ অভিযান চলায় যদিও নিৰুদ্দিষ্ট সকলৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নহল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in