/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/DwDQ1_hVAAAor4M.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। ইম্ফলৰ হাপ্টা কাংজেইবাঙত এখন জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰোপৰি ৮টা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব আন চাৰিটা প্ৰকল্পৰ।
এই অনুষ্ঠানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোডীয়ে কয়- 'মই যোৱা ৪ বছৰত উত্তৰ-পূবলৈ কমেও ৩০বাৰ আহিছো। মই সঁচাকৈয়ে ইয়ালৈ আহি আপোনালোকৰ সৈতে কথা পাতি আৰু আপোনালোকক লগ কৰি ভাল পাওঁ। মই উন্নয়ন আৰু আপোনালোকে সন্মুখীন হোৱা অসুবিধাসমূহৰ ৰিপৰ্ট কাৰ্ড কোনো বিষয়াৰ পৰা লোৱাৰ প্ৰয়োজন নাই। কাৰণত এই ৰিপৰ্ট কাৰ্ড আপোনালোকক লগ পালে মই পাওঁ। এইটোৱা অতীত আৰু বৰ্তমান সময়ৰ মাজত পাৰ্থক্য।'