বাধা আহিলেও কাম কৰি যোৱাঃ অসমীয়া ভাষাত ২খন গ্ৰন্থ প্ৰকাশ কৰা প্ৰকাশকলৈ মোডীৰ শুভেচ্ছা…

বাধা আহিলেও কাম কৰি যোৱাঃ অসমীয়া ভাষাত ২খন গ্ৰন্থ প্ৰকাশ কৰা প্ৰকাশকলৈ মোডীৰ শুভেচ্ছা…

author-image
asomiyapratidin
New Update
বাধা আহিলেও কাম কৰি যোৱাঃ অসমীয়া ভাষাত ২খন গ্ৰন্থ প্ৰকাশ কৰা প্ৰকাশকলৈ মোডীৰ শুভেচ্ছা…

ডিজিটেল ডেস্কঃ প্ৰকাশৰ আগতেই বহুল চৰ্চিত অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুখন কিতাপৰ অসমীয়া সংস্কৰণৰ কপি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰকাশক সঞ্জয় কুমাৰ সান্যালৰ পৰা গ্ৰহণ কৰে। এখন কিতাপ হ'ল ক্ৰমে মন কী বাতৰ নিৰ্বাচিত সংকলন মোৰ প্ৰিয় দেশবাসী।

Advertisment

কিতাপখনৰ সংকলন কৰিছে নম্ৰতা দত্তই। আনহাতে আনখন কিতাপ হৈছে তেওঁৰ ৰাজনৈতিক জীৱনৰ আগৰছোৱাৰ কাহিনীৰে আইলৈ চিঠি। কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে উৎপল দত্তই। দুয়োখন কিতাপৰ প্ৰচ্ছদ প্ৰসিদ্ধ চিত্ৰশিল্পী সৌৰীশ মিত্ৰই। আইলৈ চিঠি গ্ৰন্থখনিৰ অন্তৰ্ভাগৰ অলংকৰণো শ্ৰী মিত্ৰদেৱৰেই।

উল্লেখ্য যে শিৱসাগৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশৰ হাতৰ পৰা গ্ৰহণ কৰে কিতাপ দুখন। তেওঁ প্ৰকাশকৰ প্ৰসংশা কৰি যিমান বাধা আহিলেও নিজৰ কাম কৰি যাবলৈ উৎসাহ যোগায়।

প্রধানমন্ত্ৰী মোডীৰ কেইবাখনো কিতাপ বিভিন্ন ভাষাত প্ৰকাশ হৈছে যদিও একেলগে এটা ভাষাত প্ৰকাশ পোৱা কিতাপ এয়াই প্ৰথম। প্ৰকাশক গৰাকীয়ে লগতে কয় যে অসমত নেচনেল লাইব্ৰেৰী বা তেনে জাতীয় বিশাল প্ৰতিষ্ঠান অসমৰ ৰাইজে বিচাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিশ্চয় সঁহাৰি জনাব।