/asomiyapratidin/media/media_files/2025/11/10/1-2025-11-10-17-20-11.jpg)
ডিজিটেল সংবাদ,নদুৱাৰঃ নদুৱাৰ সমষ্টিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজসাহাৰ্য্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই আঁচনি শুভাৰম্ভ কৰাৰ পিছতো নদুৱাৰ সমষ্টিৰ বিভিন্ন সমবায় এজেন্ট সকলেও ৰাজসাহাৰ্য্যযুক্ত মচুৰ দাইল,চেনী আৰু নিমখৰ বিতৰণ আৰম্ভ কৰে।
বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অধীনৰ মূঢ়াদলয় সমবায় সমিতি খনৰ মৰিসুতিৰ এজেন্ট গৰাকীৰ সূলভ মূল্যৰ দোকান খনৰ জৰিয়তে ৰেচনকাৰ্ডৰ হিতাধিকাৰী ৰাইজক মচুৰ দালি,চেনি আৰু নিমখৰ পেকেট সমূহ বিতৰণ কৰে ৷ বিধায়ক পদ্ম হাজৰিকাই কাৰ্য্যসূচী শুভাৰম্ভ কৰি কয় যে, ৰেচনকাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াৰে পৰা বিনামূলীয়া চাউলৰ উপৰিও ৰাজসাহাৰ্য্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ লাভ কৰিব।
সমষ্টিটোৰ তৌভঙা নবিল আদি সূলভ মূল্য দোকানত নতুনকৈ সংযোগ হোৱা তিনি বিধ সামগ্ৰীৰ চেনি, নিমখ , দাইল এক কেজিকৈ প্ৰতিটো ৰেচন কাৰ্ড হিতাধীকাৰী ৰেচন কাৰ্ড জৰিয়তে সূলভ মূল্যত লাভ কৰিব পাৰিব সেয়েহে আজি সমগ্ৰ অসমৰ লগতে নদুৱাৰ সমষ্টিৰ তৌভঙা ’নবিল সূলভ মূল্য দোকানত ৰঙা ফিতা কাটি ইয়াৰ শুভাৰম্ভ কৰে দক্ষিণ মুঢ়াদলৰ পঞ্চায়তৰ নবিল সদস্যা নিৰ্মলা নেৱাৰে । উক্ত অনুষ্ঠানটি উপস্থিত থাকে গাওঁ প্ৰধান ভৱেন দাস , নবিল বুথৰ বুথ সভাপতি চুনিল মেছৰ লগতে ৰেচন কাৰ্ড হিতাধীকাৰী সকল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us