সমষ্টি উন্নয়ন সংকল্পৰে ১৯ টাকৈ আধাৰশিলা স্থাপন বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

সমষ্টি উন্নয়ন সংকল্পৰে ১৯ টাকৈ আধাৰশিলা স্থাপন বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

author-image
Asomiya Pratidin
New Update
সমষ্টি উন্নয়ন সংকল্পৰে ১৯ টাকৈ  আধাৰশিলা স্থাপন বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টি উন্নয়নৰ সংকল্পৰে বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে শতাধিক দলীয় কাৰ্যকৰ্তাক লগত লৈ বৰহাট, বৰুৱানগৰ,সাপেখাতী, লংপতীয়া, ভজো, সোণাৰি, টিঙ্গালীবাম আদি ঠাইত ১৯ টাকৈ আধাৰশিলা স্থাপন কৰে। বিধায়ক গৰাকীৰ এনে কৰ্ম তৎপৰতাত সকলো ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।

Advertisment

অনিৰ্ধাৰিত পুঁজি আঁচনি, মুখ্য মন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি, অসম দৰ্শন আঁচনি, বিধায়ক এলেকা উন্নয়ন পুঁজি আঁচনিৰ অধীনত যোৱা দুটা দিনত বৰপাত্ৰ বাগিছা গীৰ্জা লাইন পথ, ২নং চোমদাৰ প্ৰাথমিক বিদ্যালয় পথ, বৰহাট বাগিছা আৰ্দশ বিদ্যালয় পথ, বৰহাট বৰপথাৰ গদাধৰ পথ , ভূঞাখাট দুৱৰাচুক পথ, মুক্তাবাৰী জগন্নাথ দক্ষতা বিকাশ কেন্দ্ৰ , শালকাঠনি ফেক্টৰী লাইন পথ ,ঘোঁৰাজান বাগিছা পথ, টিমনহাবি পথ,বৰটিমন বাগিছা পথ, ঔগুৰি শ্যাম গাঁও পথ, টিয়ক হাবি পথ, লটৰপুখুৰী ৰহন মাঝি গ্ৰামথান , টিঙালীবাম মহাপ্ৰভু জগন্নাথ মন্দিৰ , টিয়ক বালিজান আতু মাঝি থান, টিঙ্গালীবাম চাহবাগিচাৰ জগন্নাথ মন্দিৰ , জৱকা বাগিছা শ্ৰমিক লাইন পথৰ আধাৰশিলা স্থাপন কৰা লগতে ৰজা পুখুৰী ৰাইদঙীয়া আৰু টিয়ক বঙালী গাঁও ২নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে।

আগন্তুক দুটা বছৰৰ ভিতৰত গাঁৱৰ সকলো বাট পথ নিৰ্মাণৰ কাম কৰিবলৈ চেষ্টা কৰিব বুলি বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ইতিমধ্যে কৰ্ম দক্ষ বিধায়ক হিচাবে সমষ্টিত জনপ্ৰিয় হৈ পৰা বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

Also Read: হাজোত স্বামী-শহুৰেকৰ অকথ্য নিৰ্যাতন! হত্যা কৰি বোৱাৰীক দিলে জ্বলাই