/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/vanlalvena.jpg)
ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে দুৰ্বৃত্তৰ সহায়ত অসম আৰক্ষীলৈ গুলী চালনা কৰি ৬ জনকৈ আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছতেই বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছিল মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই।সীমান্তলৈ অসম আৰক্ষী গ'লে আকৌ গুলীয়াই মাৰিম বুলি কৈ দুয়ো ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি কৰিছিল সাংসদজনে। ইয়াৰ পাছতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
বিতৰ্কিত মন্তব্যৰে উত্তেজনা বৃদ্ধি কৰা মিজোৰামৰ এইগৰাকী ৰাজ্যসভাৰ সাংসদক সোধাপোছাৰ বাবে দিল্লীত উপস্থিত হৈছেগৈ অসম আৰক্ষীৰ চি আই ডিৰ এটা দল। এই বিতৰ্কিত সাংসদজনৰ বিৰুদ্ধে সন্দেহজনক নথি লাভ কৰিলেই গ্ৰেপ্তাৰৰ বাবে ৰাজ্যসভাৰ সচিবালয়ৰ পৰা অনুমতি বিচাৰিব অসম আৰক্ষীৰ দলটোৱে। এই দলটোৰ নেতৃত্ববহন কৰিছে অসম আৰক্ষীৰ এছ এছ পি বিবেকানন্দ দাসে।
ইতিমধ্যে দিল্লীত উপস্থিত হোৱা অসম আৰক্ষীৰ চি আই ডিৰ দলটোৱে দিল্লীত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।সংবাদ মাধ্যমৰ কাৰ্যালয়ৰো কাষ চাপিছে অসম আৰক্ষীৰ দলটো। জানিব পৰা মতে সাংসদগৰাকীৰ বিগত ৩০ দিনৰ কল ডিটেইলছ সংগ্ৰহ কৰিব। অসম-মিজোৰাম সীমান্তৰ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ যিসকলৰ সৈতে যোগাযোগ ৰাখিছিল তেওঁলোককো তদন্তৰ মাজলৈ আনিব অসম আৰক্ষীয়ে।