মানুহ নে অসুৰ! হৰিণা নহয়, হাতীৰ মাংসৰে পাতিলে বৰভোজ…

মানুহ নে অসুৰ! হৰিণা নহয়, হাতীৰ মাংসৰে পাতিলে বৰভোজ…

author-image
asomiyapratidin
New Update
মানুহ নে অসুৰ! হৰিণা নহয়, হাতীৰ মাংসৰে পাতিলে বৰভোজ…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ পৰা হাতী বহিঃৰাজ্যলৈ চালান হোৱা সন্দৰ্ভত ধাৰাবাহিক খবৰ প্ৰকাশ পোৱাৰ পাছতেই আহিছে আন এক আচৰ্যজনক খবৰ অসমৰ পৰা নিয়া এজনী ৪৭ বছৰীয়া হাতীৰ মৃত্যু হোৱাৰ পাছতেই হাতী মাংসৰ মিজোৰামত একাংশ লোকে খোৱাৰ ঘটনা পোহৰলৈ আহিছে।

স্থানীয় সংবাদমাধ্যমৰ সূত্ৰত প্ৰকাশ পোৱা মতে, মিজোৰামৰ কানমুনফৰেষ্ট ৰেঞ্জৰ কোৱাস্থা সংমণ্ডলত আছিল এই হাতীজনীৰ। এসপ্তাহৰ পূৰ্বে হাতীজনীৰমৃত্যু হোৱাৰ পাছত মৃত হাতীজনীক পুতি থোৱাৰ বিপৰীতে শতাধিক লোকে হাতীজনীৰ মাংসভক্ষণ কৰে।

স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, হাতীজনীৰ গৰাকী আছিল কাছাৰৰসোণাইৰ মঃ মুস্তাফা আহমেদ লস্কৰ। তেওঁ হাতীজনীক লীজত দিছিল মিজোৰামৰ কানমুনৰ পুখুৱালহিনা নামৰ ব্যক্তিগৰাকীক। হৃদৰোগত আক্ৰান্ত হৈ হাতীজনীৰ মৃত্যু হোৱাৰ পাছতেইএকাংশ ৰাইজে মিলি হাতীৰ মাংস কাটি ভোজ-ভাত খায়।

অসমৰ পৰা নিয়া এই ঘৰচীয়া হাতীজনীক মিজোৰামত কাটি ৰাজহুৱাকৈ খোৱাকাৰ্যই বন্যপ্ৰেমীকো আঁচৰিত কৰি তুলিছে। উল্লেখযোগ্য যে, এই হাতীজনীৰ নাম আছিললক্ষ্মী। এই সন্দৰ্ভত বাংগালুৰুৰ এজন বন্যপ্ৰেমীয়ে বন আৰু পৰিৱেশ মন্ত্ৰণালয়কঅভিযোগো দাখিল কৰিছে।

সুপৰ্ণা গাংগুলী নামৰ বন্যপ্ৰেমীগৰাকীয়ে ঘৰচীয়া হাতীক অত্যাধিকবোজা দিয়াৰ ফলতেই মৃত্যু হোৱা সন্দৰ্ভত পূৰ্বতেও উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজুকৰি থৈছিল। লক্ষণীয় যে, এই ঘটনা ৰাজহুৱাকৈ হোৱাৰ পাছতো মিজোৰামৰ বন বিভাগে হস্তীৰমাংস ভক্ষণ কৰা সকলৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাই।

ইফালে, মিজোৰামত কাঠ টানিবলৈ ব্যৱহাৰ কৰা এই হাতীজনীক প্ৰকৃতমালিকে লীজত দিবলৈ অসমৰ বন বিভাগৰ পৰা কোনো অনুমতি লোৱা নাই বুলিও জানিব পৰা গৈছে।