/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্কঃ নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেউফি ৰিঅ'ৰ সৈতে যোৰহাটত সীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হোৱাৰপাছত এইবাৰ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীৰ অসম ভৱনত ইতিমধ্যে আহি উপস্থিত হৈছেহি মিজোৰামৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্য সচিব গৰাকী।
উল্লেখ্য যে, বঙাইগাঁৱত বৃহস্পতিবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পাছতে দিল্লীলৈ উৰা মাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম ভৱনত এই গুৰুত্বপূৰ্ণ বৈঠকত দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকত সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাও উপস্থিত থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us