২০২১-০২২ বৰ্ষৰ মিচিং সাহিত্য সভাৰ দ্বাৰা আয়োজিত ছমহীয়া মিচিং ভাষা পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা

author-image
Asomiya Pratidin
New Update
২০২১-০২২ বৰ্ষৰ মিচিং সাহিত্য সভাৰ দ্বাৰা আয়োজিত ছমহীয়া মিচিং ভাষা পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা

ডিজিটেল সংবাদ, ধেমাজি : ২০২১  নৱেম্বৰ মাহৰ পৰা মিচিং আগম কৗবাঙৰ দ্বাৰা মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰমৰ পাঠদানৰ ফলাফল সোমবাৰে পুৱা ১০ বজাত ধেমাজি মিচিং সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয়ত ঘোষনা কৰে ৷ ফলাফল অনুসৰি মিচিং আগম আগম কৗবাঙৰ ১৫০ টা বাংকে বা আঞ্চলিক কমিতিৰ দ্বাৰা পাঠদান কাৰ্যসূচী নিয়াৰিকৈ পৰিচালিত হোৱাৰ পাছত ১২-৬-২০২২ তাৰিখে সমগ্ৰ অসমত ৭৩ কেন্দ্ৰত সূচাৰুৰূপে পৰীক্ষা সম্পন্ন হৈছিল । মিচিং ভাষা জীয়াই ৰখা আৰু প্ৰচাৰ প্ৰসাৰ সংগ্ৰামৰ এই পৰীক্ষাত মিচিং ৰাইজৰ অভূত পূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

মুঠ ১৬৭৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ইয়াৰে ৭৬০০ গৰাকী ছাত্ৰ আৰু ৯১৯৮ গৰাকী ছাত্ৰী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । ইয়াৰে মুঠ ৯২.৬৫% শতাংশ অর্থাৎ ১৫৫৬৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় । ইয়াৰে ৬৯১৩ গৰাকী ছাত্ৰ আৰু ৮৬৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰে । ১৭০২ গৰাকীয়ে প্ৰথম বিভাগ, ৭৯৭৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৮৮৪ গৰাকীয়ে তৃতীয় বিভাগত ছাত্র-ছাত্রী উত্তীর্ণ হয় । সফলতা লাভ কৰা সকলো ছাত্র-ছাত্ৰীলৈ সোমবাৰে মিচিং সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেলৰ জৰিয়তে মিচিং আগম কৗবাঙৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছে ।

assam dhemaji