/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b470e140-de48-486f-82ed-2945316921a9/AP_FOR_WEB_faizul.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্যকাণ্ড। ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ। শনিবাৰে পোহৰলৈ আহে এই ঘটনা। ৰূপহীহাটৰ কাঠপাৰাত সংঘটিত হৈছে এই ঘটনা। ফাইজুল হক নামৰ এজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।
ঘটনাৰ বিৱৰণী অনুসৰি চিকিৎসাধীন মাতৃৰ কাষলৈ লৈ যোৱাৰ চলেৰে বাটতে কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে। বৰ্তমান তেজপুৰ মেডিকেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছে কিশোৰী গৰাকীৰ মাতৃ।
কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। নিশা তেজপুৰলৈ নিম বুলি ফইজুলে লৈ যায় কিশোৰী গৰাকীক। তাৰ পাছতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ যায় ফইজুলে। ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: পৰ্ণ চাইটত ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই ৭২ বছৰীয়া বৃদ্ধৰ আত্মহত্যা