বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি…

বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি…

author-image
asomiyapratidin
New Update
বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি…

ডিজিটেল সংবাদ বিহপুৰীয়া: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিহপুৰীয়া সমষ্টি পৰিভ্ৰমণ কৰে ৷ মন্ত্ৰী গৰাকীয়ে এটি কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰ, এটি পশুপালন প্ৰশিক্ষণ কেন্দ্ৰ আৰু সূতা আৰু লাট ভড়ালৰ শুভ উদ্ধোধন কৰে ৷ উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ৰুৰবান মিছনৰ অধীনত শ্যামাপ্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনৰ জৰিয়তে বিহপুৰীয়া সমষ্টিৰ পথালিপাহাৰ , বৰবালি আৰু বিহপুৰীয়া গাঁও পঞ্চায়তৰ সৰ্বাংগীন উন্নয়ণৰ বাবে ২০১:০৭ কোটি টকা ধাৰ্য কৰি প্ৰকল্প প্ৰস্তুত কৰা হৈছিল ৷

Advertisment

ইয়াৰে বৰ্তমানলৈকে বিহপুৰীয়া সমষ্টিত ৩০ কোটি টকাৰে সমষ্টিটোৰ তিনিওটা গাঁও পঞ্চায়তত ক্ৰমে পথালিপাহাৰ, বৰবালি আৰু বিহপুৰীয়াত আচঁনি ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে ৷ এই উদ্দেশ্যে বিহপুৰীয়াৰ খোলাগুৰিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে আজি উদ্বোধন কৰা আচঁনিসমূহে সমষ্টিটোৰ কৃষক ৰাইজক উপকৃত কৰিব বুলি মত ব্যক্ত কৰে ৷

তেওঁ আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে গ্ৰাম্য সখী সকলক আনুষ্ঠানিকভাৱে স্কুটি বিতৰণ কৰা হ'ব বুলিও ঘোষণা কৰে৷ ইপিনে সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী গৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰীক ৰাহুল গান্ধীৰ লগত মুখামুখিকৈ তৰ্কযুদ্ধত লিপ্ত হোৱাৰ বাবে জনোৱা প্ৰত্যাহ্বান সম্পৰ্কত মন্তব্য কৰি ৰাহুল গান্ধীৰ লগত তৰ্ক কৰিবৰ বাবে মন্ত্ৰী বিধায়কৰ প্ৰয়োজনেই নাই বুলি উল্লেখ কৰি বিজেপিৰ এজন বুথ সভাপতিৰেই ৰাহুল গান্ধীৰ লগত তৰ্ক কৰাৰ যোগ্যতা আছে বুলি মত ব্যক্ত কৰে৷

লখিমপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে উদ্দেশ্য ব্যাখ্যা কৰা আৰু বিহপুৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি দিপক সভাপণ্ডিতে আতঁ ধৰা সভাখনত স্থানীয় বিধায়ক ড° অমিয় ভূঞা, ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য কেশৰাম বৰা, দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ বিষ্ণু দেউৰীৰ লগতে জিলা উপায়ুক্ত সুমিত সাত্তাৱন আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷