বিহালীত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ-আলাপ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিহালীত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ-আলাপ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author-image
Asomiya Pratidin
New Update
বিহালীত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ-আলাপ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল সংবাদ, বিহালী : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ কাৰ্যসূচীত অংশ লয় । সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত কলিতাৰ সৈতে এই কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী হাজৰীকাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কেতবোৰ বক্তব্য প্ৰদান কৰে।

Advertisment

বক্তব্যত উল্লেখ কৰে যে দেশে দ্ৰুত গতিত উন্নত দেশ হিচাপে পৰিণত হ'বলৈ আমাৰ শিক্ষাৰ্থীসকলে বিজ্ঞান শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবই লাগিব । শিক্ষাৰ্থীসকলক এতিয়াৰপৰাই সামাজিক দায়বদ্ধতাক প্ৰাধান্য দি আগবাঢ়ি যাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

আনহাতে সমাজখন সবলতাৰে আগবাঢ়ি যাবলৈ নাৰীশিক্ষাক গুৰুত্ব দিয়াটো অন্যতম জৰুৰী বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্দেশ্যৰেই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন আৰম্ভ কৰিছে । ৰাজ্যখনত নাৰী সবলীকৰণ তথা বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত এই অভিলাষী আঁচনিখন যথেষ্ট সহায়ক হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আজিৰ এই অনুষ্ঠানত উপস্থিত থকা মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকাসকলক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই কয় যে শিক্ষকতাৰ বৃত্তি হৈছে পৃথিৱীৰ অন্যতম পৱিত্ৰ আৰু দায়বদ্ধ বৃত্তি। কিয়নো শিক্ষকসকলে মানুহ আৰু দেশ গঢ়াৰ কামত ব্ৰতী হয় ।

Also Read: ইটাখোলাত বিশ্ব অ’জন দিৱস উদযাপন

pijush hazarika bihali