ডিজিটেল সংবাদ কলিয়াবৰ: জাতিৰ পিতা মহামানৱ মহত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত কলিয়াবৰৰ শিলঘাট অঞ্চলৰ লগতে কুঁৱৰীটোল গান্ধী পথাৰত ৰাইজক সম্বোধন কৰি ৰাইজক ধন্য কৰিছিল ৷গান্ধীজীৰ আদৰ্শ হৃদয়ংগম কৰি কলিয়াবৰবাসীয়ে স্বাধীনতা আন্দোলনত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল ৷
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাস, ছহিদসকলৰ অমৰ দেশপ্ৰেম,অদম্য বীৰত্ব আৰু সৰ্বোচ্চ ত্যাগৰ চানেকিৰে দীপ্তমান ৷ এই গণ আন্দোলনৰ সময়ত কলিয়াবৰৰ বহুকেইজন সেনিনীয়ে আত্মবলিদানৰে ইতিহাসৰ দস্তাৱেজত আত্মনাম লিপিবদ্ধ কৰি থৈ গৈছে ৷
স্বাধীনতা লাভৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱৰ শুভক্ষণৰ সৈতে সংগতি ৰাখি কলিয়াবৰত শনিবাৰে মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। কলিয়াবৰৰ কুঁৱৰীটোলস্থিত কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত আজি এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক তথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ ১৯৬ টা পৰিয়ালক সম্বৰ্দ্ধনা জনায় ।
আজিৰ এই সম্বৰ্দ্ধনা সভাত উপস্থিত থাকে ৰাজ্যৰ নৱ-নিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, পূৰ্বাঞ্চল প্ৰহৰী কাকতৰ সম্পাদক ৰবি শংকৰ ৰবি, কলিয়াবৰ সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকা প্ৰমুখ্যে কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকল।
সভাৰ আৰম্ভণিতে মন্ত্ৰী কেশৱ মহন্তই আদৰণি ভাষনত কয় যে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত কলিয়াবৰৰ মুক্তি যুঁজাৰুসকলৰ এক গৌৰৱোজ্জল ইতিহাস আছে। স্বাধীনতা সেনানীসকলৰ স্মৃতি বিজড়িত মহান ত্যাগৰ কথা আজিৰ নতুন প্ৰজন্মই জনাতো অতিকৈ গুৰুত্বপূৰ্ণ।
স্বাধীনতা সংগ্ৰামৰ বৰ্ণিল ইতিহাস আৰু স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আন্তৰিকতাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ সভাত স্বাধীনতা সংগ্ৰামত কলিয়াবৰৰ মুক্তিযুঁজাৰুসকলৰ ভূমিকা শীৰ্ষক বিষয়ত কলিয়াবৰ শাখা সাহিত্য সভাৰ উপ-সভাপতি তথা ইতিহাস-গৱেষক নবীন বৰঠাকুৰে ভাষণ দি কলিয়াবৰৰ মুক্তিযোদ্ধা সকলৰ ত্যাগ আৰু অৱদানৰ কথা উল্লেখ কৰি স্বাধীনতা সংগ্ৰামৰ ইতিহাস সম্পৰ্কে আলোকপাত কৰে ৷
সভাত অসমৰ চৰকাৰৰ মুখ্য সচিব হিচাপে দ্বায়িত্ব ল'বলগীয়া কলিয়াবৰীয়া সু-সন্তান পৱন বৰঠাকুৰে বিশিষ্ট অতিথিৰ ভাষনত কয়-পৰাধীনতাৰ গ্লানি যদি উপলব্ধি কৰা নাযায় তেন্তে স্বাধীনতাৰ স্বাদ অৰ্থহীন ৷ ২০০ বছৰ ধৰি বিদেশীৰ শাসনৰ বাঘজৰীত আবদ্ধ হৈ থকা পৰাধীনতাৰ কালছোৱাৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজন আছে ৷ এই স্বাধীনতা যাতে অমৰ হয় আমি এই দিৱসটি উদযাপন কৰোতে এই বিষয়টি লক্ষ্য ৰখাটো দৰকাৰ ৷
লগতে চৰকাৰে প্ৰদান কৰা মুখ্য সচিবৰ দৰে গুৰু আৰু গধূৰ দায়িত্ব যাতে সুচাৰু ৰূপে পালন কৰি যাব পাৰে তাৰ বাবে কলিয়াবৰীয়া ৰাইজক মৰম আৰু আৰ্শীবাদ প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত মুক্তি যুঁজাৰু সকলৰ পৰিচয় সম্বলিত গ্ৰন্থ -" কলিয়াবৰৰ মুক্তি সেনানী " ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়।
ইয়াৰ পাছতে স্বাধীনতা সংগ্ৰামী প্ৰয়াত গনেশ বৰঠাকুৰ, ঠানুৰাম ভূঞা, বদনচন্দ্ৰ বৰদলৈ, মুক্তিনাথ গোস্বামী, অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুনেশ্বৰী দেৱী, ৰবিকান্ত মহন্ত, গিৰিকান্ত মহন্ত, তুৱাকন্ত গোস্বামী, অভিৰাম ভূঞা, সোমেশ্বৰ বৰা, লীলাকান্ত বৰা, ডিম্বেশ্বৰ শৰ্মা, লঠাই কোঁচ, নিশিকান্ত মহন্ত, মেলেকা গায়ন, খৰ্গেশ্বৰ হাজৰিকা, হেমকান্ত হাজৰিকা, ফটিক চন্দ্ৰ ভুঞা, দণ্ডিৰাম বৰা, গহন চন্দ্ৰ মহন্ত, যতীন্দ্ৰনাথ খাউণ্ড, হৰিকান্ত গোস্বামী, ৰূপৰাম বৰা, লাল মহম্মদ, পুনিৰাম ওজা, ভাৰত চন্দ্ৰ ভুঞা, কেশৰাম বৰুৱা, গোলাপ বৰুৱা, জয়ৰাম বৰদলৈ, কিষিৰাম কলিতা, মুকুতৰাম বৰা, বলোৰাম ভুঞা, গংগাৰাম বৰা, পদ্মৰাম হাজৰিকা, গোলোকচন্দ্ৰ বৰঠাকুৰ, টংকেশ্বৰ হাজৰিকা, খৰ্গেশ্বৰ বৰদলৈ, গোলাপ বৰদলৈ, পদুম চন্দ্ৰ হাজৰিকা, সৎৰাম কেঁওট, নবীন চন্দ্ৰ শৰ্মা, দিনবন্ধু শইকীয়া, নন্দেশ্বৰ মহন্ত, মহবৰ আলি, ফনীধৰ হাজৰিকা, যজ্ঞোৰাম ভুঞা, ৰামেশ্বৰ হাজৰিকা, নৰকান্ত হাজৰিকা, মানিক চন্দ্ৰ মহন্ত, নন্দীৰাম ভুঞা, লখনচন্দ্ৰ বৰা, দুৰ্লভ চন্দ্ৰ বৰা, ধনীৰাম বৰা, কুঞ্জলতা মহন্ত, খগেন্দ্ৰনাথ গোস্বামী, উমাৰাম বৰা, ফনীধৰ হাজৰিকা, ঈশকান্ত শৰ্মা, মাধৰাম ৰাজবংশী, ইন্দ্ৰ গোস্বামী, কেশৰাম বৰা, নুৰুদ্দীন আহমেদ, নৰাম বাৰিচোৱা, ৰজনীকান্ত গোস্বামী, কেহোৰাম বৰা, হৰিকান্ত গোস্বামী, দম্বৰুধৰ কেঁওট, পুস্পকান্ত হাজৰিকা, মহোৰাম বৰা, ভোলাৰাম কলিতা, মোহনচন্দ্ৰ হাজৰিকা, শশীকান্ত বৰগোহাঞি, নবীন ভুমিজ, মহেশ্বৰ বৰা, লীলাধৰ বৰদলৈ, উপেন্দ্ৰনাথ মেধি, হেমোৰাম বৰা, গোতক চন্দ্ৰ হাজৰিকা, ভোগেশ্বৰ বৰা, কলাই বৰা, উপেন্দ্ৰ নাথ বৰুৱা, বলোৰাম বৰা প্ৰমুখ্য বহুকেইগৰাকী শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷