“কা” বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা

“কা” বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা

author-image
asomiyapratidin
New Update
কোৰোনা ভাইৰাছৰ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, LIVE

ডিজিটেল সংবাদ, গুৱাহাটীঃ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰে প্ৰদান কৰিব মাহে ৭০০কৈ টকা। ৰাজ্যত কাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ পৰা বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে বুধবাৰে এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে লগতে কয়, ফেব্ৰুৱাৰী ১০ তাৰিখৰ ভিতৰত চৰকাৰে ৰূপায়ন কৰিব সেই আঁচনি। ইয়াৰ দ্বাৰা প্ৰায় ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টত ১০ মাহৰ বাবে একেলগতে সোমাব ৭ হাজাৰকৈ টকা। অভিভাৱকৰ খৰচ কিছু পৰিমাণে কম কৰিবৰ বাবে এই আঁচনি ঘোষণা কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

Advertisment

ইফালে চৰকাৰে ১৪০০ টকাকৈ দিয়াৰ বাবে লক্ষ্য লোৱা বুলিও জনাই তেওঁ। মন্ত্ৰী শৰ্মাই শিক্ষকে কৰা প্ৰতিবাদ প্ৰসংগত কয়, বন্ধৰ দিনত আন্দোলন কৰিলে শিক্ষকৰ দৰমহা কটা নাযায়। যদি শ্ৰেণী বাদ দি কোনো চৰকাৰী কৰ্মচাৰী বা শিক্ষকে আন্দোলন কৰে তেতিয়া তেওঁলোকৰ দৰমহা কটা হ'ব। লগতে মন্ত্ৰীক লগ কৰিবলৈ শ্ৰেণী বাদ দি যদি কোনো লোক যায় তেতিয়াও তেওঁলোকৰ দৰমহা কটা যাব। শনি বা দেওবাৰে গ'লে কটা নাযায় দৰমহা।

মন্ত্ৰীৰ মিটিং শুনিবলৈ গ'লেও কটা যাব দৰমহা বুলি কৈ মন্ত্ৰীগৰাকীয়ে কয়, মাত্ৰ শিক্ষকে নহয়, চিকিৎসক বা আন লোকে কৰিলেও তেওঁলোকৰ দৰমহাও কটা যাব। হিমন্ত বিশ্ব শৰ্মাই কা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানিক লৈ কোনো মন্তব্য নকৰে। ইফালে তেওঁ কয়, ''নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত তৰ্ক হ'ব লাগে, আলোচনাচক্ৰ হ'ব লাগে।

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী৷ তাৰ পিছতে তেওঁ সংবাদমাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰক আন্দোলন কৰাত বাধা দিব নেকি বুলি সোধা প্ৰশ্নত কয়, ছাত্ৰক আমি কি বাধা দিম। ছাত্ৰ-ছাত্ৰীটো স্বাধীন। আমি তেওঁলোকক দৰমহা নিদিও।