শীতৰ আমেজ ল’বলৈ সাজু হওকঃ আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নমাৰ সম্ভাৱনা…

শীতৰ আমেজ ল’বলৈ সাজু হওকঃ আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নমাৰ সম্ভাৱনা…

author-image
asomiyapratidin
New Update
শীতৰ আমেজ ল’বলৈ সাজু হওকঃ আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নমাৰ সম্ভাৱনা…

ডিজিটেল ডেস্কঃ শীতৰ প্ৰকোপ আগন্তুক দুটা দিনত আৰু অধিক বৃদ্ধি পাব। উত্তৰ-পশ্চিম ভাৰতত আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নিম্নগামি হ'ব। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে উত্তৰ-পশ্চিম ভাতৰৰ বৰষুণ আৰু তুষাৰপাত হোৱাৰ ফলত পাৰাস্তম্ভ অতি নিম্নগামি হ'ব।

Advertisment

শুকুৰবাৰে পশ্চিম হিমালয় অঞ্চলত ঠায়ে ঠায়ে পাতলিয়া আৰু মধ্যমীয়া বৰষুণ হোৱাৰ লগতে তুষাৰপাত অব্যাহত থাকিব। আনহাতে অত্যাধিক ডাৱৰ, শীতল বতাহ প্ৰবাহৰ বাবেও উত্তৰ-পশ্চিম ভাৰতৰ কিছু কিছু অংশৰ পাৰস্তম্ভ অতি নিম্নগামি হ'ব। দেশৰ উত্তৰ প্ৰান্তৰ অঞ্চলবোৰত প্ৰায় ২৪ ৰ পৰা ৩৬ ঘণ্টাধৰি এই শীতল বতাহৰ প্ৰবাহ অব্যাহত থকাৰ ফলত উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগত মধ্যমীয়া বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে শিলাবৃষ্টি হ'ব। সেয়েহে এই অঞ্চলবোৰ বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

ইফালে উত্তৰ-পশ্চিম দিশে অব্যাহত থকা এই শীত প্ৰবাহ প্ৰতি ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগত প্ৰবাহিত হ'ব। আৰু এই প্ৰবাহ ক্ৰমান্বয়ে শুকুৰবাৰৰ পৰা পূৱ আৰু উত্তৰ দিশৰ ফালে গতি কৰিব। বিহাৰ, ঝাৰখণ্ডত শুকুৰবাৰে বজ্ৰপাতৰ সৈতে পাতল আৰু মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে শুক্ৰবাৰে আৰু শনিবাৰে, উত্তৰ-পূব ভাৰতত ব্যাপক হাৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰে অসম আৰু মেঘালয়ৰ কিছু অংশতো শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথাও বৃহস্পতিবাৰে প্ৰকাশ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। সেই অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত পাতল বৰষুণ অব্যাহত আছে।