মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদ স্থগিত, বুধবাৰে মন্ত্ৰীৰে বৈঠক, আলোচনা সফল নহলে ঘেৰাও কৰিব জনতা ভৱন

  • স্থগিত ৰখা হৈছে মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদ।
  • শিক্ষা বিভাগৰ বিষয়াৰ লিখিত প্ৰতিশ্ৰুতিৰ পিছতে প্ৰতিবাদ স্থগিত ৰখা হৈছে।
  • বুধবাৰে প্ৰতিবাদকাৰী ৰান্ধনী-সহায়িকাৰ সৈতে বৈঠকত বহিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।
  • আলোচনা কৰা হ'ব মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সমস্যাৰ বিষয়ে।
  • যদি শিক্ষামন্ত্ৰীৰে বৈঠকত সমস্যা সমাধান তথা আলোচনা সফল নহয় তেতিয়া ১৪ নৱেম্বৰত জনতা ভৱন ঘেৰাও কৰাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে।
  • উল্লেখ্য যে, মঙলবাৰে পুৱাই হাজাৰ হাজাৰ মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাই ঘেৰাও কৰিছিল শিক্ষামন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্যৰ ঘৰ।
  • প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল প্ৰতিবাদকাৰীসকলে।
  • মধ্যাহ্ন ভোজনৰ দায়িত্ব এনজিঅ'ক দিয়াৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল মধ্যাহ্ন ভোজন-কৰ্মচাৰী-সহায়িকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in