
ডিজিটেল সংবাদ, মেৰাপানী: কৃষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদৰ পৰা অপসাৰণৰ সন্দৰ্ভত দেৱজিত বৰাৰ প্ৰতিক্ৰিয়া। পোন প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিলে দেৱজিত বৰাই।
একাংশ সংবাদ মাধ্যমত প্ৰাক্তন ৰাজ্যিক সভাপতিজনক দলৰ পৰা অপসাৰণ কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ সন্দৰ্ভত দেৱজিত বৰাই কয় যে, কৃষাণ মৰ্চাত শেহতীয়াভাৱে সংঘটিত ঘটনাৰাজিৰ সন্দৰ্ভত নৈতিক দায়িত্ব স্বীকাৰ কৰি ১০/১৫ দিনৰ পূৰ্বেই দলৰ সভাপতি ভৱেশ কলিতাৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছিল। সেইমৰ্মে যোৱা ৭ ছেপ্টেম্বৰত বৰাই দায়িত্বৰ পৰা অব্যাহতি লয়৷
বৰাই কয় যে, সংগঠন শক্তিশালী কৰাৰ স্বাৰ্থত কেতিয়াবা পৰিবৰ্তনৰ প্ৰয়োজন হয়৷ পদবীৰ পৰা পদত্যাগ কৰিলেও দলৰ কাৰ্যকৰ্তা হিচাবে সামৰ্থ্য অনুসৰি সেৱা আগবঢ়াব বুলি মন্তব্য কৰে দেৱজিত বৰাই। ইফালে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে কিছুদিনৰ পূৰ্বে দেৱজিত বৰাই মুকলি বিষেদগাৰ প্ৰদৰ্শন কৰাৰ বাবেই ৰাজনৈতিক আক্ৰোশৰ বলি হ'ল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত বৰাই কয় যে, তেওঁৰ উদ্দেশ্য অজন্তা নেওগক বিৰোধ কৰা নাছিল কিন্তু তেখেতৰ দ্বাৰা দলৰ একাংশ কাৰ্যকৰ্তা উপেক্ষিত হোৱা কাৰ্যৰ হে বিৰোধিতা কৰিছিল৷ দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলে যোৱা নিৰ্বাচনত দলক বিজয়ী কৰাৰ বাবে দেহে কেহে কষ্ট কৰিছিল তেওঁলোকক উপেক্ষা, অপ্ৰাসঙ্গিক কৰিবলৈ কৰা কাৰ্যৰ বিৰোধিতা ভৱিষ্যতলৈও কৰি যাব বুলি ব্যক্ত কৰে বৰাই৷
আনহাতে যোৱা ৮ ছেপ্টেম্বৰত পূৰ্বনিৰ্ধাৰিতভাৱে ব্যক্তিগত সূচী লৈ পৰিয়ালসহ উৰিষ্যালৈ গৈছিল আৰু সেইদিনাই মুখ্যমন্ত্ৰী উপস্থিত থকা এখন সভাত তেওঁ উপস্থিত থাকিব পৰা নাছিল। গতিকে দলৰ নেতৃত্ব তথা মুখ্যমন্ত্ৰীক অমান্য কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে৷ পৰৱৰ্তী সময়তো দেৱজিত বৰাই বিজেপি দলৰ হৈ কৰ্মী হিচাপে কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে। অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে, আভ্যন্তৰীণ বিষয় যিয়ে নহওঁক লাগে, বিজেপি দলৰ ভিতৰ চ'ৰাত যে ন-পুৰণি কৰ্মকতাৰ সংঘাট অব্যাহত আছে এইয়া পুনৰ বাৰ প্ৰমাণিত হ'ল।