ছয়গাঁৱৰ ৩০ খনৰো অধিক গাঁৱত মেঘালয়ৰ আগ্ৰাসনৰ ষড়যন্ত্ৰ ! অসম বিদ্বেষী চক্ৰৰ ভাবুকিত নিৰাপত্তাহীনতাত অসমীয়া…

ছয়গাঁৱৰ ৩০ খনৰো অধিক গাঁৱত মেঘালয়ৰ আগ্ৰাসনৰ ষড়যন্ত্ৰ ! অসম বিদ্বেষী চক্ৰৰ ভাবুকিত নিৰাপত্তাহীনতাত অসমীয়া…

author-image
asomiyapratidin
New Update
ছয়গাঁৱৰ ৩০ খনৰো অধিক গাঁৱত মেঘালয়ৰ আগ্ৰাসনৰ ষড়যন্ত্ৰ ! অসম বিদ্বেষী চক্ৰৰ ভাবুকিত নিৰাপত্তাহীনতাত অসমীয়া…

ডিজিটেল সংবাদ বকোঃ যি সময়ত অসম আৰু মেঘালয়ৰ সীমা বিবাদ সমাধানৰ বাবে দুয়ো ৰাজ্যৰ চুক্তি সম্পাদন কৰিছে সেই সময়তো অসম মেঘালয় সীমাত অব্যাহত আছে আগ্ৰাসন। অসমৰ ৩০ খনৰো অধিক গাঁৱত মেঘালয়ে আগ্ৰাসন চলাই ৰাজ্যখনৰ ভৌগোলিক সীমাৰ ভিতৰত ল'বলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে।

Advertisment

ঘটনাৰ বিৱৰণ মতে কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টি আৰু বকো থানাৰ অন্তৰ্গত উকিয়াম নামৰ পৰ্যতনস্থলীৰ আশে-পাশে থকা তালিমাৰা,দাৰেফাং, বিয়াৰংদং, দোলাথোৱা,মাউদাংগোপ, উমথলি, কাম্বাংচিৰিং, উমাফকে ধৰি ৩০খনৰো অধিক গাঁৱত বসবাস কৰি অহা ৰাইজক এটা অসমবিদ্বেষী চক্ৰই ভয়-ভাবুকি দি মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হ'বলৈ কিছুদিন ধৰি কঠোৰ নিৰ্দেশ দি আহিছে । গাঁওবোৰত বসবাস কৰা বয়সীয়াল লোকসকলে অসম বিদ্বেষী চক্ৰটোক উল্লেখিত গাঁওসমূহ অসমৰ ভৌগোলিক সীমাৰ ভিতৰৰ বুলি বুজাবলৈ চেষ্টা কৰি আহিছে যদিও কোনো কাৰণতে অসম বিদ্বেষী চক্ৰটোৱে সেই কথা মানি নলয়।

বৰঞ্চ ইয়াৰ বিপৰীতে ওলোটাকৈ উল্লেখিত গাঁওবোৰ মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰৰহে বুলি পতিয়ন নিয়াবলৈ চেষ্টা চলাই আহিছে । কিছু বছৰ আগতে আগ্ৰাসন চলাই মেঘালয়ৰ পৰা গাঁওসমূহ অসমে কাঢ়ি লৈছে বুলি অসম বিদ্বেষী চক্ৰটোৱে দাবী কৰিছে । গতিকে গাঁওবোৰত বসবাস কৰা কোনোলোকে মেঘালয়ত চামিল হোৱাত বাধা দিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি অসম বিদ্বেষী চক্ৰটোৱে তীব্ৰ সকিয়নী দিছে।

এনে সকিয়নীত নিৰাপত্তাহীনতাত ভূগিছে বুলি গাঁওবোৰত বসবাস কৰা বয়সীয়াল লোকসকলে বকো থানাৰ আৰক্ষীক জনাইছে । বকো থানাৰ আৰক্ষীৰ দল এটাই যোৱা ২৪ মাৰ্চত উকিয়ামলৈ গৈ ঘটনা সন্দৰ্ভত পৰ্যবেক্ষণ কৰে । আৰক্ষীৰ দলে উকিয়াম পৰ্যবেক্ষণ কৰি অহাৰ পিচতো অসম বিদ্বেষী চক্ৰটোৰ ষড়যন্ত্ৰ প্ৰতিৰোধ হোৱা নাই বুলি বিশেষ সূত্ৰ এটাই প্ৰকাশ কৰিছে ।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে অসম-মেঘালয় সীমাৰ পৰা প্ৰায় ৫ কিলোমিটাৰৰো অধিক অসমৰ ভৌগোলিক সীমাৰ ভিতৰত সোমাই আহি এই ৩০খনৰো অধিক গাঁৱত অসম বিদ্বেষী চক্ৰটোৰ এনে সন্ত্ৰাসে একপ্ৰকাৰ সীমান্তত বাসবাস কৰা ৰাইজৰ মাজত শান্তি ভঙ্গ কৰিছে । একাংশ গাৰো সংগঠনেও অসম বিদ্বেষী চক্ৰটোক বিভিন্ন যুক্তিৰে বুজাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়াও একপ্ৰকাৰ ব্যৰ্থ হোৱা হৈছে। অসম বিদ্বেষী চক্ৰটোৰ আঁৰত মেঘালয় ৰাজ্যৰ প্ৰশাসন আৰু ৰাজনৈতিক নেতাৰ উচটনি আছে বুলি গাৰো সংগঠনৰ নেতা-কৰ্মী সকলে সন্দেহ প্ৰকাশ কৰিছে ।