অসমৰ সমান্তৰালভাৱে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ শতাধিক গাঁৱৰ কৃষিভূমি পানীৰ তলত…

অসমৰ সমান্তৰালভাৱে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ শতাধিক গাঁৱৰ কৃষিভূমি পানীৰ তলত…

author-image
asomiyapratidin
New Update
অসমৰ সমান্তৰালভাৱে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ শতাধিক গাঁৱৰ কৃষিভূমি পানীৰ তলত…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ আমফানৰ পৰা আৰম্ভ কৰি যোৱা কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ পানীৰ ধল নামি অহাত মানকাচৰৰ অৰ্ধ শতাধিক গাঁৱৰ কৃষি ভূমি নষ্ট কৰাৰ সমান্তৰাল ভাবে অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ শতাধিক গাঁৱৰ কৃষিভূমি পানীৰ তলত ডুবি থকাৰ ফলত কৃষক সকলৰ বিস্তৰ ক্ষতি সাধন হোৱাত মূৰে-কপালে হাত দিবলগীয়া হৈছে।

উল্লেখযোগ্য যে, ইতিমধ্যে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানী কালো নদীৰ ওপৰেদি প্ৰবাহিত হৈ মানকাচৰৰ কালাপানী আৰু ফেকামাৰী জিলা পৰিষদ এলেকাৰ অৰ্ধ শতাধিক কৃষিভূমি পানীয়ে জলমগ্ন কৰি ৰখাৰ ফলত কৃষক সকলে এবুকু পানীৰ মাজৰ পৰা ধান কাটিবলগীয়া হৈছে। একেদৰে অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাজাবালা, শেলশেলা, নামাবিলা, শিলকাটা, কাইশাবাৰী, ভাইটবাৰীকে ধৰি প্ৰায় শতাধিক গাঁৱৰ কৃষি ভূমি এতিয়া পানীৰ তলত।

বিশেষকৈ মৰাপাট আৰু ধান খেতি পানীৰ তলত বিগত প্ৰায় ১০-১২ দিন ধৰি ডুবি থকাৰ ফলত পথাৰৰ মাজতে ধান নষ্ট হৈ গেলি-পচি যাবলৈ ধৰিছে। ফলত অসমৰ কৃষক সকলৰ সমান্তৰালভাবে মেঘালয়ৰ কৃষক সকলেও পানীৰ তলৰ পৰাই ধান কাটি ফচল চপাবলৈ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে।

মন কৰিবলগীয়া বিষয় এয়ে যে, উভয় ৰাজ্যৰ প্ৰায় দুই সহস্ৰাধিক কৃষকৰ ধান খেতি পানীৰ তলত ডুবি যোৱাৰ বাবে ধান খেতি নষ্ট হৈ কৃষক সকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। ইয়াৰে একাংশ কৃষকে বেংকৰ পৰা ঋন লৈ পথাৰত খেতি কৰিছিল যদিও ধান নষ্ট হৈ পৰাত কৃষক সকলে ঋন কেনেকৈ পৰিশোধ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে। এই ক্ষেত্ৰত কৃষক সকলক উভয় ৰাজ্যৰ চৰকাৰে পৃথক পৃথক ভাবে আৰ্থিক সহায় কৰাৰ বাবে দাবী উত্থাপন কৰিছে।