বিধেয়ক বাতিল নকৰিলে আমি লম চূড়ান্ত সিদ্ধান্তঃ অৱশেষত কেন্দ্ৰীয় চৰকাৰক হুংকাৰ মুখ্যমন্ত্ৰীৰ!

বিধেয়ক বাতিল নকৰিলে আমি লম চূড়ান্ত সিদ্ধান্তঃ অৱশেষত কেন্দ্ৰীয় চৰকাৰক হুংকাৰ মুখ্যমন্ত্ৰীৰ!

author-image
asomiyapratidin
New Update
বিধেয়ক বাতিল নকৰিলে আমি লম চূড়ান্ত সিদ্ধান্তঃ অৱশেষত কেন্দ্ৰীয় চৰকাৰক হুংকাৰ মুখ্যমন্ত্ৰীৰ!

ডিজিটেল ডেস্কঃ 'বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰিলে আমি চূড়ান্ত সিদ্ধান্ত লবলৈ বাধ্য হ'ম।' শুকুৰবাৰে বিধেয়কখনৰ বাতিলৰ দাবীত দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰি এই ঘোষণা কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। শুকুৰবাৰে নতুন দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰীসহ ৯ জন কেবিনেট মন্ত্ৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগায়ো বিধেয়কখনৰ বিৰুদ্ধে গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে। গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে সংবাদমাধ্যমক মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় 'বিধেয়ক খন বাতিলৰ বাবে উত্তৰ-পূবৰ সকলো মুখ্যমন্ত্ৰী একলগ হ'ব লাগে। লগতে তেঁও কয় ৰাজনৈতিক দলৰ পৰিধিৰ বাহিৰত সকলো এতিয়া একত্ৰিত হোৱাৰ সময়। সাক্ষাতত উত্তৰ-পূবৰ সকলো মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব বুলি কনৰাড চাংমা আৰু জোৰাম থাংগাক আশ্বাস দিয়ে ৰাজনাথ সিঙে।