এন আৰ চিৰ পৰা বাদ পৰিল অসমলৈ বিয়া হোৱা মেঘালয়ৰ জীয়ৰীৰ নাম…

এন আৰ চিৰ পৰা বাদ পৰিল অসমলৈ বিয়া হোৱা মেঘালয়ৰ জীয়ৰীৰ নাম…

author-image
asomiyapratidin
New Update
এন আৰ চিৰ পৰা বাদ পৰিল অসমলৈ বিয়া হোৱা মেঘালয়ৰ জীয়ৰীৰ নাম…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৩১ আগষ্টত প্ৰকাশ কৰা হয় চূড়ান্ত এন আৰ চিৰ তালিকা। অসমৰ এই চূড়ান্ত এন আৰ চিত প্ৰায় ১৯ লক্ষাধিক লোকৰ নাম বাদ পৰিছে যদিও বাদ পৰা লোকসকলে ১২০ দিনৰ ভিতৰত পুনৰ আবেদন কৰিব পাৰিব।

কিন্তু এইখন অসমৰে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত মেঘালয়ৰ জীয়ৰি অসমৰ বোৱাৰী হৈ অহাৰ পিছত তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নামি অহা পৰিলক্ষিত হৈছে। কিয়নো ৯০ শতাংশ মেঘালয়ৰ জীয়ৰী অসমত বিয়া হোৱাৰ পাছত এন আৰ চিত তেওঁলোকৰ নাম অন্তৰ্ভূক্ত নহ'ল।

উল্লেখযোগ্য যে, সমগ্ৰ অসমৰ ভিতৰত কেৱল মাত্ৰ অসম-মেঘালয় সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাতে প্ৰায় তিনি সহস্ৰাধিক মেঘালয়ৰ জীয়ৰীয়ে এইবাৰ এন আৰ চিৰ বাবে আবেদন কৰি নাম অন্তৰ্ভূক্ত নোহোৱাত সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মেঘালয়ৰ জীয়ৰী সকল অসমৰ দৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ স্বামীৰ ঘৰত বসবাস কৰি আহিছে। এই সকল মহিলাৰ স্বামী বা পৰিয়ালৰ আন সদস্যাৰ নাম ঠিকেই এন আৰ চিত নাম আহিছে যদিও মেঘালয়ৰ বাসিন্ধা হোৱাৰ বাবে এন আৰ চিত নাম নহাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে।

ইফালে, দক্ষিণ শালমাৰাৰ বিশিষ্ট সমাজ সেৱক তথা অধিবক্তা আনিছুৰ ৰহমানেও বিষয়টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মেঘালয়ৰ জীয়ৰি সকলৰ বাবে পৃথককৈ বিশেষ এফ টি আদালতৰ সহযোগত সমস্যা সমাধানৰ দাবী জনায়। আনিছুৰ ৰহমানে জানিবলৈ দিয়া মতে মেঘালয়ৰ এইসকল জীয়ৰীৰ পৰিয়ালক ইতিমধ্যে ভাৰত চৰকাৰে ৫১ চনৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিছে। আনিছুৰ ৰহমানে আৰু কয় যে অসমৰ লোক সকলে ১২০ দিনৰ বাবে পুনৰ আবেদনৰ সুযোগ পাব। কিন্তু মেঘালয়ৰ জীয়ৰীসকলৰ বাবে কি হ'ব তাক লৈ চিন্তিত হৈ পৰিছে।

জানিব পৰা মতে, মেঘালয়ৰ জীয়ৰীসকলৰ অসমত বিবাহ হোৱাৰ পাছত এন আৰ চিৰ শুনানিৰ সময়ত সমস্যা সম্মুখলৈ অহাৰ পাছত অসম-মেঘালয় উভয় চৰকাৰে এন আৰ চিত নাম অন্তৰ্ভক্ত কৰাৰ ক্ষেত্ৰত জীয়ৰী সকলক মেঘালয়ৰ জিলা প্ৰশাসন অৰ্থাত জিলা উপায়ুক্তৰ ফালৰ পৰা '৫১ বা '৭১ চনৰ এন আৰ চি তথা যাৱতীয় নথিপত্ৰত কাউণ্টাৰ চহী কৰাই দিছিল। উভয় চৰকাৰৰ আলোচনাৰ পাছত এই ব্যৱস্থা কৰা হৈছিল যদিও দুই এজনৰ বাহিৰে প্ৰায় ৯০গৰাকী জীয়ৰীৰ নাম এন আৰ চিত নহ'ল। মুঠৰ ওপৰত বিবাহেই যেন কাল হল এই সকল জীয়ৰীৰ।

মন কৰিবলগীয়া যে মেঘালয়ৰ এগৰাকী জীয়ৰি হাটশিঙিমাৰীত বিবাহ হৈ চাৰিটা সন্তানৰ মাতৃ হোৱাৰ পাছত হঠাৎ মহিলা গৰাকীৰ নামত ভোটাৰ তালিকাত ডি ভোটাৰ অহাত তেওঁক বিদেশী ন্যায়াধীকৰণ আদালতে বিদেশী বুলি ঘোষণা কৰে। পিতৃ-মাতৃ, ভাই-ককাই সকলো ভাৰতীয় হোৱাৰ পাছতো মহিলা গৰাকী মেঘালয়ৰ পৰা অসমত বিবাহ হৈ অহাৰ পাছত অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত হোৱাৰ পাছতেই ডি ভোটাৰ বুলি অহাত মহিলা গৰাকীক ডিটেনশ্বন কেম্পলৈ নিয়া হয়।

সম্প্ৰতি তিনি বছৰ ধৰি মহিলা গৰাকী ডিটেনশ্বন কেম্পত আৱদ্ধ হৈ আছে। ৰশিয়া বেগম নামৰ মহিলা গৰাকী মেঘালয়ৰ পৰা অসমত বিবাহ হোৱাৰ বাবেই কাল হ'ল নেকি তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। গতিকে চৰকাৰে এনে বিষয়ৰ প্ৰতি গুৰুত্ব দি সমস্যা সমাধানৰ বাবে অধীবক্তা গৰাকীয়ে দাবী উত্থাপন কৰিছে।