মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে বুৰালে মানকাচৰৰ অৰ্ধ শতাধিক গাঁও…

মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে বুৰালে মানকাচৰৰ অৰ্ধ শতাধিক গাঁও…

author-image
asomiyapratidin
New Update
মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে বুৰালে মানকাচৰৰ অৰ্ধ শতাধিক গাঁও…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দুদিনীয়া ধাৰাসাৰ বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলৰ ফলৰ মানকাচৰৰ অৰ্ধ শতাধিক গাঁৱত এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈ কৃষকৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে বানৰ মাজত কালো নদীৰ খহনীয়াই কালাপানী আৰক্ষী চকীৰ ল'কআপ, এটা আৰক্ষী নিবেশ, শৌচালয় আৰু ৰান্ধনী শালৰ কিছু অংশ নদীৰ বুকুত জাহ যোৱা ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, মেঘালয়ৰ কালো নদীৰে পানীৰ ধল নামি অহাৰ ফলত মানকাচৰৰ কালাপানী এলেকাৰ প্ৰায় ১৫ খন গাঁও আৰু মানকাচৰ অঞ্চলৰ প্ৰায় ৪০ খন গাঁও কৃত্ৰিম বানৰ কবলত পৰিছে।

Advertisment

বিশেষকৈ কৃষকৰ খেতি পথাৰ, ধান, মৰাপাট, শাক পাচলিৰ খেতি, মীন পালন কৰা কৃষকৰ পুখুৰী কৃত্ৰিম বানৰ কবলত পৰি বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে কৃষক সকল। ইতিমধ্যে যোৱা কালি অসম মেঘালয় সীমান্তবৰ্তী পানকাটা গাঁও পঞ্চায়তৰ অধীনত থকা টেপৰপাৰা-কালাপানী সংযোগী একমাত্ৰ পথটোৰ চাৰিটা স্থানত পানীৰ ধলে ছিঙি নিয়াৰ ফলত গাঁৱৰ মাজত পানী সোমাই গাঁও সমূহ জলমগ্ন হৈ পৰিছে। আনহাতে পানীৰ ধলৰ ফলত কালো নদীৰ দুয়ো পাৰে আৰম্ভ হৈছে গৰাখহনীয়া। বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত কালো নদীৰ গৰাখহনীয়াৰ কবলত পৰি কালাপানী আৰক্ষী চকীৰ আচামী ৰখা লক আপটো সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ লগতে আৰক্ষীৰ জোৱান থকা আৰক্ষী নিবেশৰ এটা গৃহ, ৰান্ধনী শাল আৰু শৌচলয়ৰ কিছু কিছু অংশ ভাঙি যোৱাৰ লগতে জাহ গৈছে। ফলত উপায়ন্তৰ হৈ আৰক্ষী আৰক্ষীয়ে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ নথি পথ আৰক্ষী চকী খনৰ পৰা স্থানান্তৰ কৰিবলগীয়া হৈছে।

যিকোনো মুহূৰ্তত আৰক্ষী চকী খন নদীৰ বুকুত জাহ যাব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনাক লৈ মানকাচৰ থানাৰ আৰক্ষী বিষয়া, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া কালাপানী আৰক্ষী চকীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইফালে, কালাপানী দিয়াৰা সংযোগী পথৰ ওপৰত থকা কালো বাঁহৰ সাঁকো এখন যিকোনো মুহূৰ্তত পানীৰ ধলে উটুৱাই নিয়াৰ সম্বাবনা প্ৰকট হৈ পৰিছে। একাংশ লোক এতিয়াও এই বাঁহৰ সাঁকোয়েদি বিপদসংকুল যাতায়ত চলাই থকা পৰিলক্ষিত হৈছে। বানৰ কবলত পৰি কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে যদিও জিলা প্ৰশাসনৰ তথা জিলা কৃষি বিভাগৰ ফালৰ পৰা পৰিস্থিতি বুজ লবলৈ কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু অধিক বৰষুণ হ'লে মানকাচৰৰ শতাধিক গাঁও বানৰ কবলত পৰাৰ সম্ভাবনা আছে।