/asomiyapratidin/media/media_files/2025/11/09/ujjd-2025-11-09-21-50-21.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি গোপেন খাখলাৰীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে ।
সভাত হাওৰাঘাট তিনি আলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ বিষয় ববীয়াসকল ক্ৰমে কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰী, উপ সভাপতি সুবল বসুমতাৰী, আবৌফৰ সভানেত্ৰী প্ৰমিলা ফখ্ৰাৰী আৰু সম্পাদিকা প্ৰভা বসুমতাৰী, হাৰিমু আফাদৰ সম্পাদক গুৰুচৰণ গয়াৰী আৰু সভাপতি ৰাজেশ্বৰ খাখলাৰী, গাওঁবুঢ়া সন্থাৰ সম্পাদক বিমল খাখলাৰী, বড়ো সাহিত্য সভাৰ উপ সভাপতি চম্ভু ৰামছিয়াৰী, প্ৰাক্তন এন ডি এফ বি' ৰ সম্পাদক কুশল খাখলাৰী, সমাজকৰ্মী কমল বসুমতাৰী, শিক্ষক গোলাপ বাগলাৰী, প্ৰদীপ বসুমতাৰী, ধনেশ্বৰী বসুমতাৰী আদি উপস্থিত থাকে ।
সভাত আগন্তুক ১৬ নৱেম্বৰ অৰ্থাৎ বড়ো সাহিত্য সভাৰ জন্ম দিন উপলক্ষে অনুষ্ঠিত হ'বলগীয়া আৰু ৫ ডিচেম্বৰত হ'বলগীয়া কবি সন্মিলনৰ বিষয়ে আলোচনা কৰি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
উল্লেখযোগ্য যে আগন্তুক হ'বলগীয়া অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিয়াৰ উদেশ্যে ধৰ্মেন্দ্ৰ খাখলাৰীক সম্পাদক আৰু গোপেন খাখলাৰীক সভাপতি হিচাপে লৈ আৰু আঠটা বড়ো সংগঠনৰ সভাপতি আৰু সম্পাদকক সদস্য হিচাপে লৈ এখন ১৭ জনীয়া শক্তিশালী অভ্যৰ্থনা সমিতিও গঠন কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us