জনতাৰ মূৰত মাধমাৰঃ এইবাৰ ২০ শতাংশ বৃদ্ধি পালে ঔষধৰ মূল্য

জনতাৰ মূৰত মাধমাৰঃ এইবাৰ ২০ শতাংশ বৃদ্ধি পালে ঔষধৰ মূল্য

ডিজিটেল ডেস্কঃ জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধি হ'ল সততে ব্যৱহাৰ হৈ থকা বহু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য। পেট্ৰ'ল-ডিজেলকে ধৰি অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত ইতিমধ্যে কোঙা হৈছে সাধাৰণ ৰাইজ। এনে সময়তে বৃদ্ধি পালে ঔষধৰ খুচুৰা মূল্য। অর্থাৎ প্রয়োজনীয় ঔষধকেইবিধ ক্রয় কৰিবলৈ যাওঁতেও এতিয়াৰ পৰা গ্ৰাহকে ভৰিব লাগিব অধিক ধন।

দৈনন্দিন প্ৰায়ভাগ সময়ে ব্যৱহাৰ কৰা ঔষধৰ দামো বৃদ্ধি পাইছে। মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিক আদি ঔষধৰ দাম বৃদ্ধি পাইছে। জ্বৰ, কাহ, চৰ্দি আদি ৰোগৰ হী কথা, ঔষধৰ দামো শেহতীয়াভাৱে অত্যধিক হাৰত বৃদ্ধি পাইছে।

দিল্লী, আগ্রা, বা গণেশ, পাটনা, ইন্দোৰ, কানপুৰ, মুম্বাই, গুজৰাট, ছিকিম আদিৰ পৰা অহা ‘এফ ডি চি’, ‘জনছন জনছন’, ‘নেছলে’, ‘এবট’, ‘গ্রেক্স”, “মাইক্ৰ’নৈব্‌ছ’, ‘চিপলা’, ‘মেক্লয়ছ’ আদি কোম্পানীৰ পৰা অহা ঔষধৰ খুচুৰা মূল্য ২০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে।

পেৰাচিটামলৰ (১৫টা) মূল্য ২৫ টকাৰ পৰিবৰ্তে ৩০ টকা, ৰোটা হেলাৰ টেবলেটৰ (৩০টা) মূল্য ৩০০ টকাৰ পৰিবৰ্তে ৩৫০ টকা হৈছে। তদুপৰি অলমেজেষ্টৰ (৪০ মিলিগ্রাম) মূল্য ২১৪ টকাৰ পৰিবৰ্তে ২৩৫ টকা, পেনটপৰ (৪০ মিলিগ্রাম) মূল্য ১৪৭ টকাৰ পৰিবৰ্তে ১৫৫ টকা, পানৰ (৪০ মিলিগ্রাম) মূল্য ১৫৫ টকাৰ কাৰ মজুৰি পৰিবৰ্তে ১৬৫ টকা হৈছেগৈ। এনেদৰে প্ৰায়ভাগ ঔষধৰ মূল্য বৃদ্ধি পাইছে। হাৰ্টৰ অসুখৰ লগতে শিশুৰ বিভিন্ন ৰোগৰ ঔষধৰ মূল্যও বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

জনতাৰ মূৰত মাধমাৰঃ এইবাৰ ২০ শতাংশ বৃদ্ধি পালে ঔষধৰ মূল্য
ভৱেশ কলিতা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চিণ্ডিকেটৰ সৈতে জড়িতঃ অখিল গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in