/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/jmch.jpg)
ডিজিটেল ডেস্কঃ অচিৰেই অসমৰ স্বাস্থ্য শিক্ষাখণ্ডলৈ নামি আহিছে অনিশ্চিত ভৱিষ্যত। ৰাজ্যখনত থকা চিকিৎসা মহাবিদ্যালয়সমূহত এতিয়া অভাৱ শিক্ষকৰ। বহু গুৰুত্বপূৰ্ণ বিষয়ৰ পাঠদান কৰিবলৈ নাই অধ্যাপক-চিকিৎসক। টালি-টোপোলা মাৰি চলি আছে ৰাজ্যৰ স্বাস্থ্য শিক্ষাখণ্ড। বিশেষকৈ যোৰহাট, বৰপেটা, তেজপুৰ আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় যন্ত্ৰপাতিৰ লগতে শিক্ষকৰ অভাৱ এক ডাঙৰ সমস্যা হৈ আছে।
দীৰ্ঘদিন ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল। এম বি বি এছৰ দৰে অতি গুৰুত্বপূৰ্ণ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰা এইসকল ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে কিদৰে ৰোগীক চিকিৎসা আগবঢ়াব তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ দল আহিলেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা লৈ যোৱা হয় অধ্যাপক আৰু প্ৰয়োজনীয় মেচিন।
ৰাজ্যৰ স্বাস্থ্য শিক্ষা খণ্ডৰ সৈতে জড়িত বহু অধ্যাপকে ব্যক্তিগত লাভালাভৰ বাবে এৰিব সাজু হৈছে চৰকাৰী চাকৰি। বৰ্তমান গুৱাহাটীত টাটাকে ধৰি বহু ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে স্বাস্থ্য খণ্ডত ব্যাপক ধন বিনিয়োগ কৰিছে। তেওঁলোকে প্ৰলোভনৰ জাল মেলি দিছে অধ্যাপকসকলৰ মাজতো।
চৰকাৰী চাকৰিত তেওঁলোকে ১-১.৫ লাভ টকা দৰমহা পাই যদিও, ব্যক্তিগত খণ্ডৰ এই চিকিৎসা প্ৰতিষ্ঠানবোৰে তেওঁলোকক ৩-৫লাখ পৰ্যন্ত টকা মাহিলী দৰমহা আগবঢ়াবলৈ প্ৰস্তুত হোৱাত সেই জালত ভৰি দিছে ৰাজ্যৰ কেবাজনো চিকিৎসক-অধ্যাপকে। সেয়েহে এতিয়া খালী হৈ আছে ৰাজ্যৰ বহু কেইখন চিকিৎসা মহাবিদ্যালয়ৰ গুৰুত্বপূৰ্ণ বিভাগ।
আনহে নালাগে, অংকল'জী চাৰ্জাৰী ডিপাৰ্টমেণ্টতো এতিয়া নাই পৰ্যাপ্ত অধ্যাপক। চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ফুলঝাৰী মৰিলেও বাস্তৱত এতিয়া এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে চৰকাৰী চিকিৎসা খণ্ডই। টাটা, এপ'ল', নাৰায়ণা আদি প্ৰতিষ্ঠানসমূহে ৰাজ্যত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভিৰ লাগিছে ৰাজ্যৰ বহু প্ৰতিষ্ঠিত চিকিৎসকৰ।
টাটাই ৰাজ্যত ১৯খন কেন্সাৰ চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমুখত ৰাজ্য চৰকাৰে স্থাপন কৰা কেন্সাৰ চিকিৎসালয়ত ৩২ কোটি টকাৰ পেট স্কেন মেচিন স্থাপন কৰিছিল যদিও, কাৰ্যত এই মেচিনে স্বাস্থ্য খণ্ডৰ চেহেৰা সলনি কৰিব পৰা নাই।
উপযুক্ত আন্তঃগাঁথনি তথা এই মেচিনবোৰৰ সঠিক ব্যৱহাৰ নোহোৱাৰ বাবেই সেইবোৰ থকা-নথকা একেই হৈ পৰিছে। ইফালে, চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত বহু চিকিৎসকে গ্ৰাম্য অঞ্চল লৈ যাবলৈ অনিহা ব্যক্ত কৰে। এনে পৰিস্থিতিত এতিয়া চৰকাৰী স্বাস্থ্য খণ্ডৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে।