বুধবাৰে গুৱাহাটীত উপস্থিত হ’বহি মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে, কাৰাগাৰত সাক্ষাৎ কৰিব অখিল গগৈক

বুধবাৰে গুৱাহাটীত উপস্থিত হ’বহি মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে, কাৰাগাৰত সাক্ষাৎ কৰিব অখিল গগৈক
  • বুধবাৰে গুৱাহাটীত উপস্থিত হ'বহি মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে।
  • ভাৰতবৰ্ষৰ গণ আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডেয়ে পুৱা ১১ বজাত কৃষক নেতা অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিব।
  • কাৰাগাৰত লগ কৰাৰ পিছতে কটন বিশ্ববিদ্যালয় অধ্যয়নচক্ৰ আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনা বিভাগৰ উদ্যোগত এক কথোপকথন অনুষ্ঠান আৰু আলোচনা চক্ৰত ভাগ ল'ব।
  • সাম্প্ৰতিক সময়ৰ সমাজ সচেতনতা সম্পৰ্কে আমাৰ ধাৰণা আৰু কৰিবলগীয়া বিষয়ত বিয়লিৰ ভাগত কটন বিশ্ববিদ্যালয়ত হ'ব আলোচনা।
  • অসমৰ সাংবাদিক, বুদ্ধিজীৱী আৰু নাগৰিক সমাজৰ সৈতে মত বিনিময়ো কৰিব দুয়ো সংগ্ৰামীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in