/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/sabha-agnipath-movie-corona.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মৰিসুটি টোপ নতুন প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে সমাজৰ উৎসৱ উদযাপন নামৰ এদিনীয়া কাৰ্যসূচী সফল ভাবে ৰূপায়ণ কৰা হয়। বিদ্যালয়ত সমাজৰ লোকৰ অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰেই এই কাৰ্যসূচী হাতত লৈছে শিক্ষা বিভাগে।
মৰিগাঁও জিলা সৰ্বশিক্ষা অভিযান মিছনৰ দ্বাৰা ৰূপায়িত সমাজৰ উৎসৱ উদযাপন কাৰ্যসূচীত মঙলবাৰে উপস্থিত থাকি ভাষণ প্ৰদান কৰে গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ প্ৰাক্তন সঞ্চালক ডঃ সূৰ্য্য দাস,জাগীৰোড মহাবিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক ডঃ ছোহেইল আহমেদ,জিলা সৰ্বশিক্ষা অভিযান মিছনৰ আঁচনি বিষয়া ৰাজেন গোস্বামী,গাননিক বিষয়া ইউনুচ আলি,মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ আৰ, পি ৰজত ডেকা,চি আৰ চি চি ইনামূল হুছেইনে।পবিতৰা সমল কেন্দ্ৰৰ চি আৰ চি নৱজ্যোতি নাথে কবিতা পাঠ কৰে।
শিক্ষক ভাৰ্গব ডেকা, বুৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ইব্ৰাহিম খলিল উল্লাহ,বৰদিয়া জি এন বি হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু প্ৰভা লস্কৰ, পাভকাটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী হুচনাৰা বেগমকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে মুকলি সভা খনত।সাংবাদিক নজৰুল ইছলামে আঁত ধৰা মুকলি সভা খনত গাঁৱৰ লগতে অঞ্চলটোৰ ৰাইজৰ সহযোগিতা দেখি প্ৰতিজন অতিথিয়ে নিজৰ ভাষণত ভূয়সী প্ৰশংসা কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক চাকিৰ আহমেদক।
উক্ত বিদ্যালয়খনৰ দুগৰাকী মেধাবী ছাত্ৰী উম্মে খুচবু জাহান আৰু আফ্ৰিন নেহাৰে মেট্ৰিকত ডিষ্টিংচন লৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে দুয়োগৰাকীকে সম্বৰ্ধনা জনায়। পুৱাৰ ভাগত চাফাই অভিযান,গছ পুলি ৰোপন কৰা হয়। ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা গীত মাতৰ অনুষ্ঠানৰো আয়োজন কৰা হয় মঙলবাৰৰ সমাজৰ উৎসৱ উদযাপন কাৰ্যসূচীত। উল্লেখযোগ্য যে, মৰিসুটি টোপ নতুন প্ৰাথমিক বিদ্যালয়খনে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।গণৰাজ্য দিৱসত জিলাৰ ভিতৰতে শ্ৰেষ্ঠ বিদ্যালয় হিচাপে স্বীকৃতি পাইছে জিলা প্ৰশাসনৰ ফালৰ পৰা।