হাডুক বিলত ১০৪ টা কাছ দান হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ

১০৪ টা কাছ মুকলি কৰি দিয়া সময়ত পঞ্চমী শৰ্মাৰ নেতৃত্বত অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা দল আৰু অভয়াৰণ্য খনৰ বনকৰ্মী সকল উপস্থিত থাকে .......

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পবিতৰাঃ   কামৰূপ জিলা প্ৰশাসন, হাজু হয়গ্ৰীৱ মাধব মন্দিৰৰ মন্দিৰ পৰিচালনা সমিতি আৰু বন বিভাগৰ যৌথ প্ৰচেষ্টাত আজি এটা খৰ্গ যুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ হাডুক বিলত তিনিটা  প্ৰজাতিৰ ১০৪ টা কাছ এৰি দিয়া হয়।

Black soft shell turtle, Indian Tent Turtle আৰু Ganges soft shell turtle প্ৰজাতিৰ ১০৪ টা কাছ মুকলি কৰি দিয়া সময়ত পঞ্চমী শৰ্মাৰ নেতৃত্বত অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা দল আৰু অভয়াৰণ্য খনৰ বনকৰ্মী সকল উপস্থিত থাকে। পেথ’লজিষ্ট জয়দিত্য পুৰকায়স্থ, প্ৰখ্যাত হাৰ্পেট’লজিষ্ট আৰু প্ৰাঞ্জল মহানন্দ উপস্থিত থাকে।

শেহতীয়াকৈ কৰ্তৃপক্ষই গ্ৰহণ কৰা উচ্চ সুৰক্ষা ব্যৱস্থাৰ বাবে পবিতৰাৰ হাডুগ বিল কাছ, মাছ আৰু অন্যান্য জলজ বন্যপ্ৰাণীৰ বিভিন্ন প্ৰজাতিৰ চহকী বৈচিত্ৰ্যৰে ভৰা পবিতৰা। জটিলভাৱে বিপন্ন বা বিপন্নৰ পৰা কম চিন্তাৰ স্তৰলৈ মৰ্যাদা উন্নত কৰাৰ লগতে কাছ বোৰক উন্নত বাসস্থান প্ৰদানৰ বাবেও এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰথমে ৰাজ্যিক চিৰিয়াখানাত পশু চিকিৎসকৰ ছুপাৰষ্টাৰৰ অধীনত কোৱাৰেণ্টাইনত ৰখা কাছ কেইটাক অৱশেষত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হয়।

পবিতৰা