দিন হাজিৰা কৰা ৰাহুলে লাভ কৰিলে অসম আৰক্ষীৰ কমাণ্ডো পদত নিযুক্তি, মায়ঙত আনন্দৰ বন্যা

মায়ঙৰ এটা দৰিদ্ৰ পৰিয়ালত আজি হাহি বিৰিঙিছে।মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁও কঠালগুৰি আতিগাঁৱত ঘৰ পৰিয়ালটোৰ।

author-image
Asomiya Pratidin
New Update
দিন হাজিৰা কৰা ৰাহুলে লাভ কৰিলে অসম আৰক্ষীৰ কমাণ্ডো পদত নিযুক্তি, মায়ঙত আনন্দৰ বন্যা

ডিজিটেল সংবাদ, মায়ং: মায়ঙৰ এটা দৰিদ্ৰ পৰিয়ালত আজি হাহি বিৰিঙিছে।মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁও কঠালগুৰি আতিগাঁৱত ঘৰ পৰিয়ালটোৰ।সেই দৰিদ্ৰ পৰিয়ালৰ সুযোগ্য সন্তান ৰাহুল কেলেং।

Advertisment

দেওবাৰে ঘোষিত অসম আৰক্ষীৰ ফলাফলত ৰাহুলে অসম আৰক্ষীৰ কমাণ্ডাৰ পদত নিযুক্তি লাভ কৰিছে।ৰাহুলে আনন্দৰ মাজেৰে চকুলো ও টুকিছে।পিছে ৰাহুল ৰ আছে বহুত দুখ আৰু কষ্ট। পিতৃ অভিজিত কেলং আৰু পুত্ৰ ৰাহুলে দিন হাজিৰা কৰে একেলগে।এজন ঠিকাদাৰৰ অধিনত দৈপৰাত নিৰ্মাণ চলি থকা এটা চৰকাৰী কামত দিন হাজিৰা কৰে।দৰিদ্ৰ পৰিয়ালটো তেনেকৈ চলাই আহিছিল পিতা পুত্ৰই।

দিনটো কাম কৰি সন্ধিয়াৰ ভাগত ৰাহুলে দৌৰে চাৰি কিলোমিটাৰ। আকৌ পুৱা ৪ বজাতে দৌৰিবলৈ শোৱা পাটি এৰে ৰাহুলে।লক্ষ্য আছে সন্মুখত। পুলিচত যাবই ৰাহুল। লগৰ আন এজন শ্ৰমিকৰ কিছুদিন আগতে পুলিচত চাকৰি হৈছিল। সেয়ে ৰাহুলৰ মনটো মাজে সময়ে বেয়া লাগে।কিন্তু হঠাৎ আজি পুৱাৰ ভাগত আহিল ৰাহুলৰ সেই ভাল লগা খবৰটো।

ৰাহুলৰ চাকৰি হ'ল।সমগ্ৰ অঞ্চলটোৰ বাবে এক আনন্দৰ বতৰা। ৰাহুল কেলেঙে কামৰ মাজেৰেই দৌৰিছিল, অভিনয় আৰু নাচ গান সমানেই চলাই গৈছিল সময় পালেই।

assam Assam police