/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e3660789-39cd-45bd-b482-3fadfdd2bfa5/jhhh.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ মথুৰাপুৰ সাপ্তাহিক বজাৰ গৃহ আধাৰশিলা কৰিলে মন্ত্ৰী যোগেন মহনে ৷মঙলবাৰে অসম চৰকাৰ ৰাজহ ও দুৰ্যোগ ব্যৱস্থাপনা,পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহনে মথুৰাপুৰ সাপ্তাহিক বজাৰ গৃহ আধাৰশিলা অনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে ৷
উল্লেখ্য যে,অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ অধীনত নিৰ্মাণ হ'বলগীয়া আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ (APART) প্ৰকল্পৰ অধীনত বজাৰ আধুনিকৰণ আৰু উন্নীতকৰণ কাৰ্যসূচীৰ অধীনত নিৰ্মাণ হ’বলগীয়া গৃহটি শুভাৰম্ভ কৰা হয় ৷আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তথা বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷