/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4871dd5e-1e1f-4d6d-b48e-e9304b748432/tea.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত বাগিচাৰ কৰ্মৰত চাহ শ্ৰমিকসকলক কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি অপৰিষ্কাৰ আৰু দূষিত পানী যোগান ধৰি অহা অভিযোগ উত্থাপিত হৈছে৷ এই সন্দৰ্ভত অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাই এক চৰজমিন তদন্ত কৰি বিষয়টোত সৰৱ হৈ পৰিছে৷
প্ৰাপ্ত অভিযোগ অনুসৰি এপিজেটি কোম্পানী নামৰ চাহ কোম্পানীটোৰ পৰা এল এল পি নামৰ প্ৰতিষ্ঠানটোৱে অলপতে ক্ৰয় কৰা মথুৰাপুৰ চাহ বাগিচাৰ শ্ৰমিকসকলক পাত চিঙি থকা স্থানত বাগিচা কৰ্তৃপক্ষই অপৰিষ্কাৰ আৰু দূষিত পানী যোগান ধৰি অহা বুলি উত্থাপিত হৈ অহা অভিযোগৰ ভিত্তিত শনিবাৰে আটছাৰ চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি বাসুদেৱ কুমাৰৰ নেতৃত্বত ছাত্র সংগঠনটোৰ এটা দলে সংশ্লিষ্ট বাগিচাখনত উপস্থিত হৈ উত্থাপিত অভিযোগৰ সত্যতা ধৰা পেলায়।
আটছাৰ দলটোৱে বাগিচাখনত পাত চিঙি থকা শ্ৰমিকসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ সময়ত আৱশ্যক হোৱা খোৱা পানী কৰ্তৃপক্ষই যি ড্ৰামত যোগান ধৰে তাৰ পানী প্ৰত্যক্ষ কৰি সংগঠনটোৰ সদস্যসকলৰ চকু কপালত উঠে। বটলত সংগ্ৰহ কৰা এই পানী ৰঙচুৱা আৰু মলিয়ন বুলি ধৰা পেলাই আটছাৰ দলটোৱে বাগিচাখনৰ শ্ৰমিকসকলৰ স্বাস্থ্যকলৈ কৰ্তৃপক্ষই হেতালি খেলাৰ অভিযোগ কৰি সৰৱ হৈ পৰে।
কোনো দিনে ভিতৰ ভাগ চাফা নকৰা পানীৰ ড্ৰামত নিয়মীয়াকৈ খোৱা পানী কৰ্মৰত শ্ৰমিকসকলক যোগান ধৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নমাই অনা বুলি অভিযোগ কৰিছে সংগঠনটোৱে। ইফালে এটা আওপুৰণি লোহাৰ টেংকিৰ তলত জুই জ্বলাই প্ৰস্তুত কৰা ৰঙা চাহপানী বাগিচা খনৰ বিভিন্ন ঠাইত কৰ্তৃপক্ষই শ্ৰমিকসকলৰ বাবে পুৱাৰ পৰা বিয়লি পৰ্যন্ত সময়ে সময়ে যোগান ধৰা বিষয়টোতো সৰৱ হৈ পৰিছে ছাত্র সংগঠনটোৰ সদস্যসকল।
দৈনিক কঠোৰ শ্ৰম কৰি যিসকল চাহ শ্ৰমিকে এটা চাহ কোম্পানীৰ আৰ্থিক দিশ টনকিয়াল হোৱাত অৰিহণা যোগাই সেই শ্ৰমিক সকলক মথুৰাপুৰ চাহ বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিক সকলক বিশুদ্ধ খোৱা পানী, উন্নতমান চাহপাত, ৰেচনৰ সামগ্ৰী শ্ৰমিক সকলক যোগান ধৰিব নোৱাৰাটো বিষয়টোত সংগঠনটোৱে তীব্ৰ গৰিহনা প্ৰকাশ কৰি বাগিছা কৰ্তৃপক্ষ শ্ৰমিকৰ প্ৰতি চৰম প্ৰতাৰণা কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
Also Read: পদক জয়েৰে 'এছিয়ান গেমছ-২০২৩'ৰ আৰম্ভণী ভাৰতৰ