ডিজিটেল সংবাদ, মথুৰাপুৰঃ গড়কাপ্তানি বিভাগৰ চৰাইদেউ গ্ৰাম্য পথ সংমণ্ডলৰ চৰম অকৰ্মণ্যতাৰ বাবেই সম্প্ৰতি মথুৰাপুৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বাট-পথসমূহ মৰণফান্দত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰি চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই মথুৰাপুৰত তিনি ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
সোমবাৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে দিনৰ ১১ বজাৰ পৰা মথুৰাপুৰ সদৰ তিনিআলিত ধোদৰ আলি অৱৰোধ কৰি জৰাজীৰ্ণ হৈ পৰা ঐতিহাসিক ধোদৰ আলি আৰু মথুৰাপুৰ-লাকুৱা সংযোগী হৰিহট্ৰ পথকে ধৰি গড়কাপ্তানি বিভাগৰ অধীনৰ পথসমূহ তৎক্ষনিকভাৱে মেৰামতি কৰাৰ দাবী তোলে৷
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে গড়কাপ্তানি বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে৷ ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে বিধ্বস্ত পথচোৱাত কঁঠীয়া ৰুই চৰকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷
ইফালে, এই অৱৰোধ কাৰ্যসূচীৰ ফলত দীৰ্ঘসময় ধৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ৷ উল্লেখ্য যে, ঐতিহাসিক ধোদৰ আলিটোত শিমলুগুৰিৰ পৰা মথুৰাপুৰ হৈ সোণাৰি পৰ্যন্ত ঠায়ে-ঠায়ে ভয়ংকৰ দ' গাঁত সৃষ্টি হোৱাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।ফলশ্ৰুতিত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷
সেইদৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় বিলাক গড়কাপ্তানি পথৰ লগতে মথুৰাপুৰ লাকুৱা সংযোগী হৰিহট্ৰ আলিৰ বিস্তীৰ্ণ পথছোৱাৰ দুৰৱস্থাই ৰাইজক যাতায়াতত জলা-কলা খুৱাই আহিছে৷ জৰাজীৰ্ণ পথসমূহ মেৰামতিৰ বাবে ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে বাৰম্বাৰ দাবী জনাই অহা পাছতো গড়কাপ্তানি বিভাগে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ আছুৰ চৰাইদেউ আঞ্চলিক সমিতিয়ে পথটো অৱৰোধ কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷এই প্ৰতিবাদী কাৰ্য্যসূচীত আটছা, যুৱ-ছাত্ৰ,কৃষক মুক্তি, স্থানীয় ব্যৱসায়ী সন্থা আৰু ৰাইজে অংশগ্ৰহণ কৰে৷