/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mathurapur-1.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰ : মথুৰাপুৰৰ বৃহত্তৰ অঞ্চল সামৰি ৰাইজৰ সহযোগত গঢ় লোৱা একমাত্র উচ্চ শিক্ষা অনুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১৯৪৭ চনৰে পৰা মানৱ সম্পদ গঢ়াত মেটমৰা অৱদান আগবঢ়াই আহিছে। শিক্ষানুষ্ঠাখনে চলিত বৰ্ষৰ অহা ২০ আগষ্টত গৌৰৱোজ্জ্বল ৭৫ বছৰত ভৰি দিব। মথুৰাপুৰৰ শৈক্ষিক ইতিহাস সমৃদ্ধ কৰি অহা এই বিদ্যালয়খনে অহা ২০ আগষ্ট দিনটো দিনজোৰা কাৰ্যসূচীৰে ৭৫ তম প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে ৷
সেইদিনা অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত সকলোৱে উপস্থিতি কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ উল্লেখ যে শিক্ষানুষ্ঠানখনে বিগত সময়ৰ বৰ্ণিল যাত্ৰাক সশ্ৰদ্ধভাৱে স্মৰণ কৰাৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ পৰিয়াল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী ৰাইজ আৰু শিক্ষাব্রতী সমাজৰ সহযোগিতাত অহা ২২ আৰু ২৩ জানুৱাৰী ২০২৩ ত বৰ্ণময় মহাৰজত জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
আৰু পঢ়ক :পঞ্জাৱী গায়ক সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ চাৰ্জচীট প্ৰস্তুত…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us