মথুৰাপুৰত লাজুকী বান্দৰ উদ্ধাৰ...

চৰাইদেউ জিলা মথুৰাপুৰ সমীপৱৰ্তী মাজগাঁওস্থিত ভকত গাঁৱত আজি সন্ধিয়া প্ৰায় ৮ বজাত এটা দুস্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰা হয়।

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত লাজুকী বান্দৰ উদ্ধাৰ...

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলা মথুৰাপুৰ সমীপৱৰ্তী মাজগাঁওস্থিত ভকত গাঁৱত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এটা দুস্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰা হয়। গাওঁখন ৰাজা চাওৰা নামৰ লোকজন বাসগৃহ সন্মুখতে এজোপা কল গছ লাজুকী বান্দৰটোৱে বিচৰন কৰা প্ৰত্যক্ষ কৰে ৷ পাছত স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠন চলা গ্ৰাম্য অভৰাৰণ্য সমিতি

এই খবৰ পোৱাত ততাতৈয়াকৈ গাঁওখন উপস্থিত হৈ দলটোৰ যুৱককেইজনে বান্দৰটো উদ্ধাৰ কৰি বন বিভাগৰ লোকক চমজাই দিয়ে।প্ৰকৃতিপ্ৰেমৰ বিৰল নিৰ্দশন দাঙি ধৰা যুৱককেইজনৰ লগতে স্থানীয় গাওঁ বাসী সচেতন মহলে শলাগ লয় ৷

assam mathurapur