/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kokrajhar-hiv.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত আজি প্ৰথমবাৰৰ বাবে এগৰাকী এইছ আই ভিত আক্ৰান্ত প্ৰসূতিক চিজাৰিয়ান অপাৰেচন কৰা হয় । কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ৰ অধীক্ষক ড° এ এছ শৰ্মাই সদৰি কৰা মতে জিলাখনৰ এগৰাকী এইছ আই ভিত আক্ৰান্ত প্ৰসূতিয়ে আজি সন্তান জন্ম দিবলৈ চিকিৎসালয়ত ভৰ্তি হয় ।
পূৰ্বতেও এনে প্ৰসূতি আহিছিল যদিও অপাৰেচন কক্ষ এটা হোৱা হেতুকে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু আজি দেওবাৰ হোৱা হেতুকে আন অপাৰেচন নথকাত এইছ আই ভিত আক্ৰান্ত প্ৰসূতিগৰাকীক অপাৰেচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
বিজ্ঞানসন্মত সাৱধানতা অৱলম্বন কৰি আৰু পি পি কীট পৰিধান কৰি অপাৰেচন সুকলমে সম্পন্ন কৰে অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলটোৱে। অপাৰেচন সুকলমে সম্পন্ন হোৱাৰ পাছত অপাৰেচন কক্ষটো বীজাণুমুক্ত কৰা হয়। ৩.১০০ কিলোগ্ৰাম ওজনৰ নৱজাতক শিশুটি বৰ্তমান সুস্থ অৱস্থাতে আছে বুলি চিকিৎসালয়খনৰ অধীক্ষক ড° এ এচ শৰ্মাই সদৰি কৰিছে ।