/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/85777749-17b2-4279-9e40-d60cbd417c3f/MATAJ.jpg)
ডিজিটেল ডেস্ক: অহা ২৭ অক্টোবৰৰ পৰা ডিব্ৰুগড় জিলাৰ লাহোৱালত অনুষ্ঠিত হ'ব সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া এই অনুষ্ঠানত থাকিব কেইবাটাও কাৰ্যসূচী।
২৭ অক্টোবৰত পতাকা উত্তোলনৰ দ্বাৰা আৰম্ভ হ'ব অনুষ্ঠানৰ কাৰ্যসূচী। তাৰ পাছতে কেইবাটাও কাৰ্যসূচীৰে আগবঢ়াই নিয়া হ'ব অনুষ্ঠান। এই দিনটোত থলীতে লিখা ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা , কুইজ প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
২৮ অক্টোবৰ পুৱা ৯ বজাত হ'ব জনগোষ্ঠীয় সাংস্কৃতিক বৰ্ণিল শোভাযাত্ৰা। তাৰ পাছতে দিনৰ ২ বজাত প্ৰদান কৰা হ'ব ''বেংমৰা সমন্বয় বঁটা-২০২২'' । বেংমৰা সমন্বয় বঁটা প্ৰাপক হ'ল অসমীয়া প্ৰতিদিনৰ সম্পাদ তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰিচালন সম্পাদক জয়ন্ত বৰুৱা।
এই কাৰ্যসূচীৰ পাছতেই অনুষ্ঠিত হ'ব স্মৰণিকা উন্মোচন। উক্ত কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পিযুষ হাজৰিকাকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তি।