বকোত নিশা জুইত জাহ গ’ল ৫ খন ব্যৱাসায়িক প্ৰতিষ্ঠান…

বকোত নিশা জুইত জাহ গ’ল ৫ খন ব্যৱাসায়িক প্ৰতিষ্ঠান…

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ।ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ছমৰীয়া বাছ ষ্টপেজত নিশা প্ৰায় ১ বজাত চাহ দোকান এখনত জুই লাগি ৫খনকৈ দোকান ভষ্মীভূত হয় । ইয়াৰে এখন চাইকেল দোকান, এখন গেলামাল, এখন হাৰ্ডৱেৰ,এখন মনোহাৰী দোকান। আনহাতে চাহ দোকানখনো জুইত ভষ্মীভূত হৈছে।বাছষ্টপেজত থকা আন আন দোকানবোৰলৈ জুই বিয়পি পৰাৰা আগতেই অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় । এই অগ্নিকাণ্ডৰ ফলত ২০ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি ছমৰীয়া বাছষ্টপেজৰ ব্যৱসায়ী সমিতিৰ সভাপতিয়ে দাবী কৰিছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in