/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/6e349582-3cc2-4ef2-9261-fbcd2e9a5eaf.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষই জাৰি কৰিছে এখন বিশেষ জাননী। মহাবিদ্যালয়খনৰ চৌহদ প্ৰদূষণমুক্ত কৰিবলৈ অধ্যক্ষগৰাকীয়ে লৈছে এই বিশেষ পদক্ষেপ।
জাননীখনত অধ্যক্ষ লীলা কান্ত বৰঠাকুৰে অধ্যপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক বক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ পৰিৱৰ্তে মহাবিদ্যালয়লৈ শনিবাৰে নিজৰ চাইকেল বা ৰাজহুৱা বাহনত আহিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/82edd886-7804-4330-bbc0-b9ab13886155.jpg)
এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অধ্যাপক, ছাত্ৰ-ছাত্ৰীসকলো আহে চাইকেলেৰ। আনকি খোদ অধ্যক্ষগৰাকীও মহাবিদ্যালয়লৈ আহে এখন চাইকেল লৈ। অধ্যক্ষগৰাকীৰ এই পদক্ষেপ অঞ্চলটোৰ সচেতন মহলে আদৰণি জনায়।