/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/margherita.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ বুধবাৰে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। মাৰ্ঘেৰিটা মহকুমাৰ ২২ খন গাওঁ পঞ্চায়ত আৰু ৫ খন জিলা পৰিষদৰ প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ আছে মাৰ্ঘেৰিটা পাবলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা স্ট্ৰং ৰুমত। ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতিৰ অন্ততঃ আৰম্ভ হৈছে ভোট গণনা। উল্লেখ্য যে, মহকুমা হিচাপে ২২ খন পঞ্চায়ত আৰু ৫ খন জিলা পৰিষদ হলেওঁ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ১৮ খন গাওঁ পঞ্চায়ত আৰু ৪ খন জিলা পৰিষদ অন্তৰ্ভুক্ত। ইয়াৰ ১৪ খন কংগ্ৰেছ আৰু ৪ খন বিজেপি আৰু জিলা পৰিষদৰ ৪ খনেই কংগ্ৰেছৰ দখলত আছিল।
আনহাতে বিধানসভা হেৰুৱাৰ পাছত পঞ্চায়ত ৰক্ষাৰ বাবে মাৰ্ঘেৰিটাত নিৰ্বাচনী প্ৰচাৰত নামিছিল প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈ। সেইদৰে বিধান সভা দখলৰ পাছত পঞ্চায়তো বিজেপিৰ হাতলৈ আনিবৰ বাবে মাৰাথান প্ৰচাৰ চলাইছিল বিধায়ক ভাস্কৰ শৰ্মাই।