/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/Untitled-2.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত কংগ্ৰেছ দলে হেৰুৱালে একচত্ৰী আধিপত্য। সমষ্টিটোৰ ১৮ খন গাওঁ পঞ্চায়তৰ ভিতৰত কংগ্ৰেছ দলৰ দখলত আছিল ১৪ খন বিজেপিৰ দখলত আছিল ৪ খন। আনহাতে ৪ খন জিলা পৰিষদৰ আটাই কেইখনেই আছিল কংগ্ৰেছৰ দখলত। কিন্তু এই প্ৰতিবেদন যুগুটোৱালৈকে ১৮ খন পঞ্চায়ত বিজেপি দলৰ আধিপত্যত আছে।
বিধানসভা আসনখনৰ পাছত একালৰ প্ৰভাৱশালী মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ হাতৰ পৰা গ'ল ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পঞ্চায়ত সমূহত থকা আধিপত্য। গুৰুত্বপূৰ্ণ কথা হ'ল যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী চলাইছিল। আনহাতে বিধানসভা হেৰুৱাৰ পাছত পঞ্চায়ত ৰক্ষাৰ বাবে নিজে নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰিছিল প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈ।
সেইদৰে বিধানসভা দখলৰ পাছত পঞ্চায়ত বিজেপিৰ হাতলৈ আনিবৰ বাবে মাৰাথান প্ৰচাৰ চলাইছিল বিধায়ক ভাস্কৰ শৰ্মাই। কিন্তু এই মুহূৰ্তলৈকে ঘোষণা হোৱা ফলাফলে বিজেপিলৈ কঢ়িয়াই আনিছে সু-সংবাদ। বিভিন্ন ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়ৰ মুখ দেখিছে যদিও সামগ্ৰিক ভাৱে পঞ্চায়তত দখল বিজেপিৰ। মাত্ৰ এখন পঞ্চায়ত এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ দখললৈ আহিছে। অৱশ্যে এতিয়াও বহু কেইখন পঞ্চায়তৰ ভোটগণনা আৰম্ভ হোৱা নাই।