ব্যৰ্থ আৰক্ষী! প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে মাৰাডোনাৰ ঘড়ী চুৰিত অভিযুক্ত ৱাজিদে

ব্যৰ্থ আৰক্ষী! প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে মাৰাডোনাৰ ঘড়ী চুৰিত অভিযুক্ত ৱাজিদে

author-image
asomiyapratidin
New Update
ব্যৰ্থ আৰক্ষী! প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে মাৰাডোনাৰ ঘড়ী চুৰিত অভিযুক্ত ৱাজিদে

ডিজিটেল ডেস্ক: ফুটবল বিশ্বৰ সম্ৰাট মাৰাডোনাৰ হেবলট হাতঘড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৱাজিদ হুচেইনৰ জামিন লাভ। আদালতত উপযুক্ত প্ৰমাণ দিয়াত ব্যৰ্থ হোৱাৰ বাবে জামিন লাভ কৰে অভিযুক্তই।

আদালতত উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে শিৱসাগৰ আৰক্ষীয়ে। আদালতত দাখিল কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ কোনো নিৰ্দেশ বা ডুবাই আৰক্ষীৰ অভিযোগ।

ফলত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ১৫,০০০ টকা বেইল বণ্ডৰ বিনিময়ত মুকলি কৰে ৱাজিদ হুচেইনক। ১১ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৱাজিদ।

উল্লেখ্য যে, ডুবাইৰ পৰা মাৰাডোনাৰ ঘড়ী চুৰি কৰি অনা বুলি অভিযোগ উত্থাপন হৈছিল বাজিদক বিৰুদ্ধে।তাৰপিছত আৰক্ষীয়ে ৱাজিদৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰীও জব্দ কৰিছিল আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। প্ৰায় ২ মাহ ন্যায়িক জিম্মাত থকাৰ পাছত আৰক্ষীয়ে প্ৰমাণ দিব নোৱাৰাৰ বাবে মুকলি হ'ল ৱাজিদ।

assam maradona watch stolen Assam police