/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/LOWN-BALL-2.jpg)
ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টিৰে কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় মহিলা লন বল দলটোক শুভেচ্ছাৰে উপচায় পেলাইছে দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিয়ে। দক্ষিণ আফ্ৰিকাক ফাইনেলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ ইতিহাসত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা দলটোক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰকে ধৰি বিভিন্ন জনে শুভেচ্ছা জনাইছে।
টুইটাৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহিলা লন বল দলটোক শুভেচ্ছা জনাই লিখিছে যে, কমনৱেলথ গেমছত সোণৰ পদক জয় কৰি অভূতপূৰ্ব সফলতা লাভ কৰাৰ বাবে লাভলী চৌবে, ৰূপা ৰাণী তিৰ্কি, পীংকি আৰু নয়নমণি শইকীয়াক অভিনন্দন। ফাইনেলত বিজয়ৰ বাবে আপোনালোকৰ সংকল্পই দেশক গৌৰৱান্বিত আৰু প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰিছে।
Congratulations to Lovely Choubey, Rupa Rani Tirkey, Pinki & Nayanmoni Saikia for doing the unprecedented by winning the gold medal in lawn bowls at #CommonwealthGames! Your resolve in the see-saw battle for victory in the finals made the country proud and inspired every Indian.
— President of India (@rashtrapatibhvn) August 2, 2022
আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে লিখিছে- বাৰ্মিংহামত ঐতিহাসিক জয়! লন বলত সন্মানীয় স্বৰ্ণ ঘৰলৈ অনাৰ বাবে ভাৰত লাভলী চৌবে, পিঙ্কি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীক লৈ গৌৰৱান্বিত। দলটোৱে যথেষ্ট নিপুণতা প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ সফলতাই বহুতো ভাৰতীয়ক লন বলৰ প্ৰতি অনুপ্ৰাণিত কৰিব।
Historic win in Birmingham! India is proud of Lovely Choubey, Pinki Singh, Nayanmoni Saikia and Rupa Rani Tirkey for bringing home the prestigious Gold in Lawn Bowls. The team has demonstrated great dexterity and their success will motivate many Indians towards Lawn Bowls. pic.twitter.com/RvuoGqpQET
— Narendra Modi (@narendramodi) August 2, 2022
ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে লিখিছে- কমনৱেলথ গেমছৰ লন বলত ভাৰতৰ বাবে এক ঐতিহাসিক স্বৰ্ণ !
A Historic Gold for India in #CommonwealthGames Lawn Bowls!
Absolutely ecstatic that our Women's Fours Team – Lovely Choubey, Pinki , Nayanmoni Saikia & Rupa Rani Tirkey has fetched the nation its first ever #LawnBowls medal defeating South Africa 17-10 in the final ! pic.twitter.com/8Pbio6W0qB
— Anurag Thakur (@ianuragthakur) August 2, 2022
ইফালে ভাৰতীয় মহিলা দলটোৰ এই বিজয়ক ঐতিহাসিক আখ্যা দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে মহিলা দলটোৱে ভাৰতীয়ক গৌৰাৱান্বিত কৰা বুলি উল্লেখ কৰি দলটোৰ চাৰিওগৰাকী সদস্যক অভিনন্দন জনাইছে।
Historic 🥇!
A brilliant team show to take the #LawnBowls Women's Four title in #CWG2022 with style, the first ever medal for 🇮🇳 in the sport. Joining the nation in celebrating this huge occasion. You have made us all proud.
Congratulations & best wishes. pic.twitter.com/UV2X6rDHGt
— Sarbananda Sonowal (@sarbanandsonwal) August 2, 2022
ইফালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও ভাৰতীয় মহিলা লন বল দলটোক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ অসম কন্যা নয়নমণি শইকীয়া আৰু তেওঁৰ ইতিহাস সৃষ্টিকাৰী দলটোক ইতিহাস সৃষ্টিৰে সোণৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
Another 🥇for India at #CommonwealthGames 👏
Congratulations to Assam's Nayanmoni Saikia and her team members who created history by winning the first ever medal for 🇮🇳 in Lawn Bowls (Women's Fours) in #CWG.
— Himanta Biswa Sarma (@himantabiswa) August 2, 2022
একেদৰ সৰু পথাৰৰ বিধায়ক বিশ্বজিত ফুকনেও নয়নমণি শইকীয়াৰ এই বিজয়ত উৎফুল্লিত হৈ নয়নমণি আৰু তেওঁৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। বাৰ্মিংহামত নয়নমণি আৰু তেওঁৰ দলটোৱে ফাইনেল খেলি থকাৰ সময়ত নয়নমণিৰ গোলাঘাটৰ সৰুপথাৰৰ জন্মগৃহত উপস্থিত থাকি ৰাইজৰ লগত নয়নমণিৰ খেল উপভোগ কৰে।
উল্লেখ্যে যে এই সৰুপথাৰ সমষ্টিৰে আন এগৰাকী কন্যা লাভলীনা। ধনশীৰি মহকুমাৰ সৰুপথাৰৰ পৰাই এইদৰে খুব কম সময়ৰ ভিতৰতে দুগৰাকীকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফল খেলুৱৈ সৃষ্টি হোৱাত যথেষ্ট উৎফুল্লিত হৈ পৰিছে বিধায়কগৰাকী।
আনহাতে অসম জাতীয় পৰিষদেও এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নয়নমণি শইকীয়াই সোণৰ পদক অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰেছ বিজ্ঞপ্তিটোত লিখিছে- কমনৱেলথ গেমছত বিজয় সাব্যস্ত কৰি সোণৰ পদক লাভ কৰা ভাৰতীয় লন বল খেলুৱৈৰ দলক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদ দলে৷ লন বল খেলুৱৈ দলৰ অংশীদাৰ, সোণৰ পদক বিজয়ী অসম কন্যা নয়নমণি শইকীয়াকো দলে অভিনন্দন জনায়৷
বিবৃতিটোত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাণী দাসে কয় যে অসম কন্যা নয়নমণি শইকীয়াই ভাৰতৰ লন বল দলৰ হৈ খেলি সোণৰ পদক লাভ কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়৷