মন্নত প্ৰডাকচন হাউচৰ উদ্যোগত ভিন্ন স্থানত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি...

মন্নত প্ৰডাকচন হাউচৰ উদ্যোগত ভিন্ন স্থানত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি...

author-image
Asomiya Pratidin
New Update
মন্নত প্ৰডাকচন হাউচৰ উদ্যোগত ভিন্ন স্থানত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি...

ডিজিটেল ডেস্কঃ গৰমৰ বন্ধত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিভিন্ন গ্ৰীষ্মকালীন কৰ্মশালা। সমান্তৰালকৈ গোৱালপাৰাৰ লগতে মহানগৰীৰ বহু স্থানত গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰিছে মন্নত প্ৰডাকছন হাউছে। এই শিবিৰত অনুষ্ঠানটোৰ স্বত্বাধিকাৰী মফিছ আহমেদ আৰু তেওঁৰ দলৰ সদস্য সকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক নৃত্য, নাটক, আৰ্ট ক্ৰাফ্ট আৰু মডেলিঙৰ প্ৰশিক্ষণ দিয়ে।

Advertisment

মঙলবাৰে গড়চুকৰ বেথানী স্কুলত অনুষ্ঠিত হোৱা কৰ্মশালাত মুঠ ১১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিবিৰৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলক ট্ৰফী, প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

ইফালে, ৩ জুলাইৰ পৰা ২১ জুলাইলৈ গোৱালপাৰাত অনুষ্ঠিত কৰ্মশালাত ৮ খন চৰকাৰী বিদ্যালয় আৰু ১৩খন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়ে মন্নত প্ৰডাকছন হাউছে। প্ৰডাকছন হাউছটোৰ এই প্ৰচেষ্টাক অসম চৰকাৰেও শলাগ লৈছে। এইবেলি চৰকাৰৰ পৰা প্ৰডাকছন হাউছটোলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, মন্নত প্ৰডাকছন হাউছৰ স্বত্বাধিকাৰী মফিছ আহমেদ এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী। ইতিমধ্যে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা মফিছ আহমেদ বলিউদৰ কেইবাখনো ছবি তথা টেলিভিছনৰ চিৰিয়েলৰ সৈতে জড়িত। বহু ব্যৱস্তাৰ পাছতো নিজ জন্মস্থানৰ উঠি অহা প্ৰজন্মক আগবঢ়াই লৈ যোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে মফিছ আহমেদে।

mannat production house