মানকাচৰৰ সঞ্জয়সাদু বিএছএফ কেম্পত বিনামূলীয়া চিকিৎসা শিবিৰ

মানকাচৰৰ সঞ্জয়সাদু বিএছএফ কেম্পত বিনামূলীয়া চিকিৎসা শিবিৰ। ৬ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ সঞ্জয়সাদু বিএছএফ কেম্পত বিনামূলীয়া চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ ৪৫ নং বেটেলিয়ান বিএছএফে সঞ্জয় সাদু বিএছএফ কেম্পৰ উদ্যোগত শুকুৰবাৰে পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। সঞ্জয়সাদু বিএছএফ কেম্পত অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰত ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চি কে উপাধ্যায় মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

Advertisment

ইয়াৰ পাছত চাৰিজনীয়া বিশেষ চিকিৎসকৰ দলে সীমান্তৱৰ্তী গাঁৱৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগী সকলক ঔষধ বিতৰণ কৰে। আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকৰ সৈতে বিএছএফে সু-সম্পৰ্ক গঢ়ি তুলি সীমান্তত সংঘটিত বিভিন্ন অপৰাধ দমনৰ বাবে বিএছএফে ছিভিক একশ্যন কাৰ্যসূচীৰ লগতে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে।

Also Read: 'ইষ্টাৰ্ণ নাগা নেচনেল অৰ্গেনাইজেচন'ৰ কেডাৰৰ আত্মসমৰ্পন

সঞ্জয়সাদু বিএছএফ কেম্প